Monday, October 3, 2022
HomeNews২০২২ কমলৱেলথ গেমছঃ ক্ৰিকেটৰ উদ্ধোধনী মেচত ভাৰত বনাম অষ্ট্ৰেলিয়া

২০২২ কমলৱেলথ গেমছঃ ক্ৰিকেটৰ উদ্ধোধনী মেচত ভাৰত বনাম অষ্ট্ৰেলিয়া

অলিম্পিয়া প্ৰতিবেদন

চলিত বৰ্ষৰ কমনৱেলথ গেমছত পুনৰ প্ৰত্যাৱৰ্তন ঘটিল ক্ৰিকেট । বাৰ্মিংহাম গেমছত ২৪ বছৰৰ বিৰতিত দেখিবলৈ পোৱা যাব মহিলাৰ টি-২০ ক্ৰিকেট মেচ । ২৯ জুলাইত ভাৰত আৰু অষ্ট্ৰেলিয়া পৰস্পৰৰ মুখামুখি হ’ব । ২০২০ চনৰ মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলিষ্ট ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মেচখনৰ যোগেদি লীগ কাম নক আউট মহিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ সূচনা হ’ব । ৮ টা দলৰ মহিলা টি-২০ টুৰ্ণামেণ্টত শ্ৰীলংকাৰ অংশগ্ৰহণ নিশ্চিত হৈছে । ইতিমধ্যে ভাৰত, অষ্ট্ৰেলিয়া, বাৰ্বাডোছ, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানে যোগ্যতা অৰ্জন কৰিছে । ১৯৯৮ চনৰ কুৱালালামপুৰ গেমছত পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত দ্বিতীয়বাৰলৈ কমনৱেলথ গেমছত ক্ৰিকেটে স্থান লাভ কৰিছে । সেইবাৰৰ ফাইনেলত শ্বাউন পোলক নেতৃত্বাধীন দক্ষিণ আফ্ৰিকাই ষ্টিভ ৱ’ৰ নেতৃত্বাধীন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিছিল । সেইবাৰ ভাৰতৰ শচীন তেণ্ডুলকাৰ, দক্ষিণ আফ্ৰিকাৰ জেক কালিচ, শ্ৰীলংকাৰ মাহেলা জয়াবৰ্ধনকে ধৰি বহু তাৰকা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । উল্লেখযোগ্য যে বাৰ্মিংহাম কমনৱেলথ গেমছ ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব । ১১ দিনীয়া এই প্ৰতিযোগিতাত ৭২ খন দেশৰ প্ৰায় ৪৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব । এইবাৰৰ মহিলাৰ টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ “এ”ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ লগতে আছে পাকিস্তান আৰু বাৰ্বাডোছ । গ্ৰুপ “বি”ত আছে ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments