Tuesday, July 5, 2022
HomeNewsহেৰাইছে নিউজিলেণ্ডৰ তিনি ক্ৰিকেটাৰ; চিন্তিত ব'ৰ্ড

হেৰাইছে নিউজিলেণ্ডৰ তিনি ক্ৰিকেটাৰ; চিন্তিত ব’ৰ্ড

অলিম্পিয়া প্রতিবেদন

নিউজিলেণ্ডৰ তিনিগৰাকী ক্ৰিকেটাৰৰ লগতে এগৰাকী ফিজিঅ’ৰ সন্ধান পোৱা নাই দেশখনৰ ক্ৰিকেট বোৰ্ডে। তেওঁলোক ক’ত আছে, কি কৰি আছে সেই বিষয়ে একো নাজানে নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে।

সন্ধান হেৰুওৱা তিনিগৰাকী ক্ৰিকেটাৰ হৈছে কেন উইলিয়ামছন, কাইল জেমিছন আৰু মিছেল চেণ্টনাৰ। তেওঁলোকৰ সৈতে সন্ধান হেৰুওৱা ফিজিঅ’গৰাকী হ’ল টমী ছিমচেকেৰ।

উল্লেখযোগ্য যে, আটাইকেইজন আই পি এলৰ বাবে দীর্ঘদিন ধৰি ভাৰতত আছিল। আই পি এল মাজতে স্থগিত হোৱাৰ পৰিপ্ৰেক্ষিতত বিদেশী খেলুৱৈসকল নিজ নিজ দেশলৈ উভতি গৈছে। অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল নিজ দেশৰ কঠোৰ নীতি নিৰ্দেশনাৰ বাবে মালদ্বীপত আশ্ৰয় লৈছেগৈ। মালদ্বীপৰ পৰা তেওঁলোক নিজ দেশলৈ বুলি ৰাওনা হ’ব। ইপিনে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ বাবে নিউজিলেণ্ডৰ খেলুৱৈসকল ভাৰতৰ পৰাই চিধা ইংলেণ্ডলৈ যোৱাৰ কথা আছিল। তাৰ বাবেই দিল্লীত জৈৱ সুৰক্ষা ব্যৱস্থাৰ মাজত ৰখা হৈছিল নিউজিলেণ্ডৰ খেলুৱৈসকলক। কিন্তু শুক্ৰবাৰে হঠাৎ তিনিওগৰাকী ক্ৰিকেটাৰ ভাৰতৰ পৰা অন্তৰ্ধান হোৱাৰ খবৰ আহিছে।

ভাৰতত সম্প্ৰতি বাঢ়ি অহা কৰোনাৰ সম্প্ৰসাৰণৰ বাবে ভীতিগ্ৰস্ত হৈ তেওঁলোকে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰৰ সৈতে মালদ্বীপলে যোৱাৰ সন্দেহ কৰা হৈছে। কিন্তু আশ্চৰ্যজনকভাৱে এই বিষয়ে গম নাপায় নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে।

আই পি এলৰ এক বিশেষ সূত্ৰই দাবী কৰা অনুসৰি তেওঁলোকে দেশত বৰ্ধিত কৰোনা সংক্ৰমণৰ বাবে সুৰক্ষিত অনুভৱ কৰা নাছিল। তাৰোপৰি ইংলেণ্ড ভ্ৰমণৰ বাবেও কেতিয়া ভাৰত ত্যাগ কৰিব সেই বিষয়েও নিশ্চয়তা লাভ কৰা নাছিল। সেয়ে চেন্নাই ছুপাৰ কিংছৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰৰ সৈতে তেওঁলোকে মালদ্বীপলৈ যোৱাৰ সিদ্ধান্ত লয়। অৱশ্যে, নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ তৰফৰ পৰা এই সম্পৰ্কে একো জনোৱা হোৱা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments