Wednesday, August 10, 2022
HomeNewsঅনিশ্চয়তা: ক'ত হ'ব চেম্পিয়নছ লীগৰ ফাইনেল?

অনিশ্চয়তা: ক’ত হ’ব চেম্পিয়নছ লীগৰ ফাইনেল?

অলিম্পিয়া প্রতিবেদন

কৰোনাকালীন পৰিৱেশত এতিয়া চেম্পিয়নছ লীগ ক’ত অনুষ্ঠিত হ’ব তাকে লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। পূৰ্বতে তুৰস্কৰ ইষ্টানবুলত অনুষ্ঠিত হোৱাৰ কথা আছিল ফাইনেলখন। বহু দিনৰ পূৰ্বেই এই কথা থিৰাং কৰা হৈছিল।

অৱশ্যে, সম্প্ৰতি ইংলেণ্ড চৰকাৰে গ্ৰহণ কৰা এটা সিদ্ধান্তৰ ফলতহে এই ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে। ইংলেণ্ড চৰকাৰে অতি শেহতীয়াকৈ কৰোনাকালীন পৰিৱেশৰ সৈতে মুকাবিলা কৰিবলৈ কিছু সংখ্যক দেশৰ সৈতে থকা যোগাযোগৰ ক্ষেত্ৰত কিছু কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি এতিয়া কিছু দেশৰ পৰা ঘূৰি আহিলেই ১০ দিনৰ বাধ্যতামূলক কোৱাৰেন্টিনত থাকিব লাগিব। সেই দেশ সমূহৰ তালিকাত চেম্পিয়নছ লীগৰ ফাইনেল হ’বলগীয়া তুৰস্কৰ নামো অন্তৰ্ভুক্ত হৈছে।

ইংলেণ্ড চৰকাৰৰ এই নতুন নিয়মৰ পিছতেই এতিয়া ফাইনেলত ভাগ ল’বলগীয়া ক্লাব ক্ৰমে চেলচী আৰু মানচেষ্টাৰ চিটিৰ খেলুৱৈ সকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। ব্ৰিটিছ দৈনিক দ্য টেলিগ্ৰাফে দাবী কৰিছে দুয়োটা ক্লাবৰ সদস্যসকলক এই ঝামেলাৰ পৰা মুক্তি দিবলৈ ইউ ই এফ এই সময়ত ফাইনেলৰ স্থান সলনি কৰিব পাৰে। ইস্তানবুলৰ সলনি ইংলেণ্ডৰে কোনো চহৰলৈ ফাইনেলৰ স্থান স্থানান্তৰিত কৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে এই মুহূৰ্তত।

উল্লেখযোগ্য যে এইবাৰৰ ফাইনেল ২৯ মেত ইস্তানবুলৰ কামাল আটাৰ্টুক ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা। পূৰ্বতে, ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কৰোনাৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবেই সেই স্থান সলনি কৰি ইস্তানবুল ঠিক কৰা হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments