Tuesday, July 5, 2022
HomeNews'প্ৰথমে কাশ্মীৰ দখল, তাৰ পিছত ভাৰত'- ছোৱেব আখটাৰৰ পুৰণা ভিডিঅ' ভাইৰেল

‘প্ৰথমে কাশ্মীৰ দখল, তাৰ পিছত ভাৰত’- ছোৱেব আখটাৰৰ পুৰণা ভিডিঅ’ ভাইৰেল

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ বিপক্ষে আপত্তিজনক মন্তব্য কৰা এটা পুৰণা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভিডিঅ’টোত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেব আখটাৰৰ মুখত শুনা গৈছে এই আপত্তিজনক মন্তব্য। বহু বছৰৰ আগতে প্ৰকাশ কৰা ভিডিঅ’টোত উল্লেখ আছে কেনেদৰে ‘গাজয়া এ হিন্দ’ শীৰ্ষক যুদ্ধৰ জৰিয়তে পাকিস্তানে কাশ্মীৰৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তক দখল কৰিব। নিউজ ১৮ প্ৰকাশিত বাতৰি অনুসৰি পুৰণা ভিডিঅ’তো পুনৰ ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত ‘গাজয়া এ হিন্দ’ৰ বুজাই দিয়া হৈছে এইদৰে,” আমাৰ ধৰ্মগ্ৰন্থত উল্লেখ আছে যে এদিন ‘গাজয়া এ হিন্দ’ৰ প্ৰতিষ্ঠা হ’ব। তেতিয়া আমি প্ৰথমে কাশ্মীৰ দখল কৰিম আৰু পিছলৈ ভাৰতৰ অন্যন্য প্ৰান্তক নিজৰ অধীনলৈ আনিম। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰগৰাকী। উল্লেখযোগ্য যে, এদিলেইড টেষ্টত অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতীয় দলৰ শোচনীয় পৰাজয়ৰ পিছতো আখটাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভাৰতীয় ক্ৰিকেট দলক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments