Friday, September 30, 2022
HomeNewsক্ৰীড়া সন্মানক লৈ সৃষ্টি হৈছে বিতৰ্ক : ক্ৰিকেটাৰ ৰোহিত শৰ্মাক খেল ৰত্ন...

ক্ৰীড়া সন্মানক লৈ সৃষ্টি হৈছে বিতৰ্ক : ক্ৰিকেটাৰ ৰোহিত শৰ্মাক খেল ৰত্ন দিয়াক লৈ সমালোচনা বক্সাৰ অমিতৰ

✍️ তুষাৰ প্ৰতীম

‘১০-১২খন দেশৰ মাজত খেলা ক্ৰিকেটৰ কাৰণে ৮০ ৰ পৰা ১০০দেশৰ লগত যুঁজি দেশৰ বাবে মেডেল কঢ়িয়াই অনা অলিম্পিয়ানক সদায়েই আওকাণ কৰা হয়।’ এই মন্তব্য বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক প্ৰাপ্ত ভাৰতীয় বক্সাৰ অমিত পংঘালৰ।

শেহতীয়াকৈ ২০২০ বৰ্ষৰ ক্ৰীড়া সন্মান প্ৰদানৰ বাবে কমিটিয়ে খেল ৰত্নৰ বাবে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ নাম চূড়ান্ত কৰাৰ বাবেই এই মন্তব্য কৰিছে বক্সাৰ গৰাকীয়ে। ১৮আগষ্টত দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ক্ৰীড়া সন্মান বাচনি কমিটিয়ে খেলৰত্ন বঁটাৰ বাবে পাঁচগৰাকী খেলুৱৈৰ নাম চূড়ান্ত কৰিছিল। সেই কেইগৰাকী আছিল ক্ৰিকেটাৰ ৰোহিত শৰ্মা, মহিলা মল্লযুঁজাৰু বিনেশ ফ’গত, টেবল টেনিছ খেলুৱৈ মনিকা বাত্ৰা, মহিলা হকী দলৰ কেপ্তেইন ৰাণী ৰামপাল আৰু পেৰা অলিম্পিক স্বৰ্ণ বিজয়ী এথলিট মৰিয়প্পন থংগাবেলু। ক্ৰীড়া সন্মান বাচনি কমিটিয়ে এই কেইগৰাকী খেলুৱৈৰ নাম চূড়ান্ত কৰাক লৈ এতিয়া বিতৰ্কৰ সূচনা হৈছে।

মন কৰিবলগীয়া যে বক্সিং ফেডাৰেচনৰ ফালৰ পৰা অমিত পংঘাল আৰু তেওঁৰ প্ৰশিক্ষক অনিল ধনবড়ৰ নাম খেলৰত্ন আৰু দ্ৰোণাচাৰ্য সন্মানৰ বাবে প্ৰেৰণ কৰা হৈছিল। কিন্তু বাচনি কমিটিয়ে দুয়োকে এই সন্মানৰ বাবে নিৰ্বাচিত নকৰে। কিন্তু ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ উপৰিও ইশান্ত শৰ্মা আৰু দিপ্তী শৰ্মাক অৰ্জুন সন্মানৰ বাবে কমিটিয়ে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও এই সন্মানৰ বাবে আৰু ২৭গৰাকী খেলুৱৈৰ নাম চূড়ান্ত কৰা হৈছে। মনকৰিবলগীয়া যে সন্মান প্ৰাপ্তিৰ বাবে ক্ৰিকেটাৰক কোনোধৰণৰ প‌ইণ্টৰ প্ৰয়োজন নহয়। ইয়াৰ পৰিবৰ্তে তেওঁলোকক নিৰ্বাচনী কমিটিৰ বহুমতৰ ওপৰত ভিত্তি কৰিয়েই সন্মান প্ৰদান কৰা হয়। এই বিষয়ত অমিত পংঘালে সংবাদ মাধ্যমৰ আগত কয় যে, খেল ৰত্ন সন্মান হ‌ওক বা দ্ৰোণাচাৰ্য সন্মান, সকলোতে এনেকুৱা ব্যক্তিৰ নাম প্ৰস্তাৱ কৰা হৈছে যিসকল প‌ইণ্ট চিষ্টেমৰ হিচাব মতে নাহেই। খেল ৰত্নৰ বাবে মোতকৈ কম প‌ইণ্ট প্ৰাপ্ত খেলুৱৈৰ নাম প্ৰস্তাৱ কৰা হৈছে। একেদৰে দ্ৰোণাচাৰ্য সন্মানৰ বাবেও মোৰ প্ৰশিক্ষক অনিল ধনকড় যোগ্য আছিল, কিন্তু তেওঁৰ নামো আতৰাই ৰখা হ’ল। মই প্ৰথমৰ পৰাই কৈ আহিছোঁ ক্ৰীড়া নীতিত পৰিবৰ্তন জৰুৰী হৈ পৰিছে। ক্ৰীড়া সন্মানত পাৰদৰ্শিতা অনাটো জৰুৰী। এনেকুৱা নহ‌ওক যে, এই সন্মানৰ মহত্বয়েই নোহোৱা হৈ যায়।

অমিত পংঘালৰ অভিযোগ, খেল ৰত্ন প্ৰদান কৰা খেলুৱৈক এইবাৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তেওঁ এই প্ৰসংগত কৈছে, খেল ৰত্ন ক্ৰীড়াৰ আটাইতকৈ বৃহৎ সন্মান। যদি কাৰোবাক এই সন্মান দিয়া হৈছে তেনে তেওঁক আকৌ ইয়াতকৈ সৰু সন্মান কিয় দিয়া হৈছে? সৰু সন্মানৰ পিছত ডাঙৰ সন্মান দিয়াটো বুজিব পাৰি কিন্তু ডাঙৰ সন্মান দিয়াৰ পিছত আকৌ সৰু সন্মান দিয়াটো উচিত নহয়। ইয়াৰ পৰিবৰ্তে এনেকুৱা যুৱ খেলুৱৈক সন্মানিত কৰিব লাগে যে, যিয়ে কোনো সন্মান লাভ কৰা নাই। যিয়ে ইয়াৰ পৰা প্ৰেৰণা লাভ কৰি আগলৈ আৰু ডাঙৰ সন্মান লাভৰ বাবে কষ্ট কৰে।

ইয়াৰ উপৰিও অমিতে ক্ৰীড়া সন্মানৰ বাবে যি আৱেদন প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াকো সমালোচনা কৰে। এই প্ৰক্ৰিয়াৰ অৱসান ঘটাবলৈ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও ইয়াৰ উত্তৰ লাভ কৰা নাই বুলি কয়। আনহাতে ক্ৰিকেটাৰক প্ৰতিবছৰে খেল ৰত্ন আৰু অৰ্জুন সন্মান দি থকাৰ প্ৰসংগত কয় যে, প্ৰতিবাৰে ক্ৰিকেটাৰক খেলৰত্ন আৰু অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় কিন্তু ক্ৰিকেট দলীয় ভাৱে মাত্ৰ১০-১২খন দেশৰ মাজত হে খেলে। ইয়াৰ ফলত ব্যক্তিগতভাৱে ৮০-১০০খন দেশৰ লগত সংঘৰ্ষ কৰি দেশলৈ মেডেল কঢ়িয়াই অনা খেলুৱৈ সকল সন্মান প্ৰাপ্তিৰ পৰা বঞ্চিত হয়। ক্ৰীড়া মন্ত্ৰালয়ে ক্ৰিকেটৰ পৰিবৰ্তে এই খেলবোৰক আৰু খেলুৱৈসকল অধিক উৎসাহিত কৰিব লাগে। তেওঁলোকৰ প্ৰাপ্যক বঞ্চিত কৰিব নালাগে।

উল্লেখ্য যে বক্সাৰ অমিত পংঘাল কেইবছৰমান পূৰ্বে ডপিংৰ অভিযোগত অভিযুক্ত হৈ নিলম্বনৰ সন্মুখীন হৈছিল। ডপ পৰীক্ষাত বিফল হোৱাৰ অভিযোগত তেওঁক এই সন্মানৰ পৰা বঞ্চিত কৰি ৰখা হৈছে নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, জনা-নজনাকৈয়ে মই ডপ টেষ্টত ব্যৰ্থ হৈছিলোঁ যদিও তাৰ পিছত মই কষ্ট কৰি ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিছোঁ। তথাপিও মোক বঞ্চিত কৰা হৈছে। মাত্ৰ সেই এটা অভিযোগৰ বাবে মোক আৰু কিমান শাস্তি প্ৰদান কৰিব?

ক্ৰীড়া সন্মানক লৈ সৃষ্টি হোৱা এই বিতৰ্ক ইমানতেই শেষ হোৱাৰ লক্ষণ খুব কম যেনেই অনুভৱ হয়। কিয়নো বক্সাৰ গৰাকীয়ে তেওঁৰ প্ৰশিক্ষক অনিল ধনখড়ক ক্ৰীড়া সন্মানৰ পৰা বঞ্চিত কৰাৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্ত হ’ব বুলিও উল্লেখ কৰিছে। ইয়াৰ উপৰিও তেওঁ নিজৰ প্ৰাপ্য সন্মানৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্ত হ’লে সন্মান লাভ কৰিবলৈ সক্ষম হ’ব বুলি দৃঢ় বিশ্বাসী অমিতে কয় যে, মই বিচাৰোঁ মন্ত্ৰালয়ে মোক এই ক্ৰীড়া সন্মান উপযুক্ত সন্মান সহকাৰে প্ৰদান কৰক।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বক্সাৰ গৰাকীৰ নাম দুবাৰকৈ অৰ্জুন সন্মানৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও এইবাৰ খেল ৰত্ন সন্মানৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু নিৰ্বাচকে তেওঁৰ নাম এই সন্মানৰ বাবে প্ৰেৰণ নকৰিলে। যাৰ বাবে তেওঁৰ অলিম্পিক প্ৰস্তুতিৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments