Wednesday, July 6, 2022
HomeNewsভাৰতীয় ক্ৰিকেট দলত কৰণাৰ আঘাত

ভাৰতীয় ক্ৰিকেট দলত কৰণাৰ আঘাত

উইকেট কিপাৰ বেটছমেন ঋষভ পণ্টৰ পাছত এইবাৰ ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলৰ আন এগৰাকী সদস্য কৰণাত আক্ৰান্ত হৈছে৷ তদুপৰি তিনিজন সদস্যক ৰখা হৈছে আইশ্ব’লেছনত৷ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ নেট ষ্টাফ দয়ানন্দ গাৰানিৰ কৰণা পজিটিভ পোৱা গৈছে৷ তেওঁক আইশ্ব’লেছনত ৰখা হৈছে৷ তদুপৰি প্ৰাথমিক সতৰ্কতা হিচাপে আহশ্ব’লেছনত ৰখা হৈছে বলিং প্ৰশিক্ষক ভৰত অৰুণ উইকেট কিপাৰ বেটছমেন ঋদ্ধিমান শ্বাহা আৰু ষ্টেণ্ড বাই অ’পেনাৰ অভিমান্যু ঈ×শ্বৰন৷ দয়ানন্দ গাৰানিৰ সংস্পৰ্শলৈ অহাটো নিশ্চিত হোৱাৰ পাছত এওঁলোক তিনিগৰাকীকে আইশ্ব’লেছনত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে দলীয় মেনেজমেণ্টে৷ সন্মুখত ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট ছিৰিজ৷ দীঘলীয়া এই ইংলেণ্ড ভ্ৰমণত ভাৰতীয় ক্ৰিকেট দলে বৰ্তমান অনুশীলনৰ লগতে কিছু অৱসৰ মূহুৰ্ত কটোৱা দেখা গৈছে৷ উইম্বলডনৰ লগতে ইউৰো কাপৰ খেল উপভোগ কৰা দেখা গৈছে ভাৰতীয় দলৰ কেইবাগৰাকী সদস্যক৷ কৰ’ণাত আক্ৰান্ত ঋষভ পণ্টক দেখা গৈছিল উইৰো কাপৰ মেচ উপভোগ কৰি থকাৰ মূহুৰ্তত৷ সামাজিক মাধ্যমত ইউৰো কাপত মেচ উপভোগ কৰি থকা ফটো শ্বেয়াৰ কৰিছিল পণ্টে নিজেই৷ অহা 4 আগষ্টৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ শৃখলাত অংশ গ্ৰহণ কৰিব ভাৰতীয় দলে৷ সেয়ে জৈৱিক সুৰক্ষাৰ বেস্তনিত এতিয়াও সোমাই পৰা নাই ভাৰতীয় দল৷ অৱশ্যে স্বস্তিৰ খবৰ এইয়ে যে ভৰত অৰুণ, ৰিদ্ধিমান শ্বাহা আৰু অভিমান্যুৰ শেহতীয়া কৰণা টেষ্ট নিগেটিভ হৈছে৷ সচিব জয় শ্বাহৰ উদ্ধিতৃ বিচিচি আইয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে য়ে লণ্ডনৰ হোটেলৰ পৃথক পৃথক কোঠালিত ৰখা হৈছে তেওঁলোকক৷ ডাৰহামৰ পৰাই জৈৱিক সুৰক্ষাৰ আবেষ্টনিত সোমাই পৰিব বিৰাট কোহলিৰ নেতৃত্বাধীন ভাৰতীয় দল৷ ইতিমধ্যে ঋষভ পণ্টকে ধৰি পাঁচজন ক্ৰিকেটাৰক লণ্ডনত এৰি থৈ ডাৰহামত উপস্থিত হৈছে কোহলি বাহিনী৷ ঋষভ পণ্ট অৱশ্যে ইউৰো কাপতে কৰণাত আক্ৰান্ত হোৱা বুলি ক’ব নোৱাৰি কাৰণ 4 আৰু 6 জুলাইত দাতৰ চিকিৎসকৰ ওচৰলৈ গৈছিল ঋষভ৷ দাতৰ ক্লিনিকতো তেওঁ কৰণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিচিচি আয়ে৷ জ্জ জুলাইত পণ্টক ভেকচিন দিয়া হৈছিল আৰু 8 জুলাইত তেওঁ কৰণা পজিটিভ হয়৷ বৰ্তমান বিচিচি আই পৰ্যবেক্ষনত তেওঁক আইশ্ব’লেছনত ৰখা হৈছে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments