উভতিল কৰোনা; পুনৰ বন্দী হ’ল সৰুসজাই আৰু নেহৰু ষ্টেডিয়াম

অলিম্পিয়া প্ৰতিবেদন

পুনৰ কৰ’নাকালীন বিভীষিকা ঘূৰি আহিছে ৰাজ্যলৈ। হুৰা-হুৰে ৰাজ্যত পুনৰ বাঢ়িছে কৰোনা আক্রান্তৰ সংখ্যা। শনিবাৰে অসমত সৰ্বমুঠ ৮৭৬ৰ গাত ধৰা পৰিছে কৰ’নাৰ সংক্ৰমণ। কেৱল গুৱাহাটীতে উক্ত দিনটোত ৩ শতাধিক কৰ’না ৰোগী ধৰা পৰে। কৰ’না ৰোগীৰ সংখ্যা বঢ়াৰ লগে লগে পুনৰ ৰাজ্যত দেখা দিছে বিচনাৰ নাটনিয়ে। তেনেস্থলত এতিয়া আকৌ পূৰ্বৰ দৰেই ৰাজ্যৰ ক্রীড়াক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ নেহৰু ষ্টেডিয়াম আৰু সৰুসজাই ক্রীড়া প্ৰকল্পক কাৰ্য্যক্ষম কৰি তোলাৰ বাবে চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

সেই অনুসৰি পুনৰ এতিয়া নেহৰু ষ্টেডিয়াম আৰু সৰুসজাই ক্রীড়া প্ৰকল্পত নতুনকৈ কোভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে ক’ভিড-১৯ৰ প্ৰথমটো ঢৌ মাৰ যোৱাৰ পিছত ৰাজ্যৰ ক্রীড়াক্ষেত্ৰলৈ ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল। ৰাজ্যত অনুষ্ঠিত হৈছিল ইখনৰ পিছত সিখনকৈ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতা। সেই সময়ছোৱাতে অসমত ক্ৰমে পূব মণ্ডল ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপ, ছিনিয়ৰ ৰাজ্যিক আমন্ত্ৰণমূলক এথলেটিকছ প্ৰতিযোগিতা, ৩৬ সংখ্যক ৰাষ্ট্ৰীয় নেচনেল এথলেটিকছ চেম্পিয়নশ্বিপ ইত্যাদি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ সকলো জিলাতে অনুষ্ঠিত হৈছিল বিভিন্ন শাখাৰ প্ৰতিযোগিতাসমূহ।

কিন্তু, দেশত কৰোনা মহামাৰীৰ ব্যাপক সংক্ৰমণৰ সময়ত এতিয়া পুনৰ আগৰ দৰেই স্তব্ধ হৈ পৰিছে ৰাজ্যৰ ক্রীড়াক্ষেত্ৰ। সৌ সিদিনা, বাতিল কৰা হ’ল সদৌ অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাৰ। যি সময়ত ৰাজ্যৰ দুখনকৈ মুখ্য ষ্টেডিয়াম ক’ভিড-১৯ৰ নামত বন্দী হোৱাৰ পথত,সেই সময়ত এতিয়া ৰাজ্যৰ ক্রীড়াক্ষেত্ৰলৈ পুনৰ নামি আহিছে চৰম অনিশ্চয়তা।

Leave a Reply

Your email address will not be published. Required fields are marked *