Monday, October 3, 2022
HomeNewsদহগৰাকী বিশেষ খেলুৱৈৰ দৃষ্টিত কৰ'না মুক্ত ক্ৰীড়া বিশ্ব

দহগৰাকী বিশেষ খেলুৱৈৰ দৃষ্টিত কৰ’না মুক্ত ক্ৰীড়া বিশ্ব

olympiasports.in

কৰ’না ভাইৰাছ বা ক’ভিড-১৯ ৰ বাবে এতিয়া ক্ৰীড়া বিশ্ব স্তব্ধ হৈ আছে। এই ক’ভিড-১৯ ৰ পৰা মুক্ত হোৱাৰ পৰবৰ্তী সময়ছোৱাত সমগ্ৰ বিশ্বলৈ যে এক পৰিবৰ্তন আহিব সেয়া নিশ্চিত। অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে এই পৰিবৰ্তন পৰিস্ফুট হৈ পৰিব। ইতিমধ্যে তাৰ এখন আগতীয়া ছবি পৰিস্ফুট হৈ পৰিছেই। বিশেষকৈ সমগ্ৰ বিশ্ব লকডাউনৰ কবললৈ যোৱাৰ বাবে অৰ্থনৈতিকভাবে সকলো ৰাষ্ট্ৰ‌ই দুৰ্বল হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কোনো কোনো দেশত দুৰ্ভিক্ষয় দেখা দিব। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতকো এই বিষয়ত আগতীয়াকৈ সাৱধান হবলৈ জনাইছে। কেৱল যে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি দিশলৈ হে পৰিবৰ্তন আহিব তেনে নহয়। ক’ভিড-১৯ ৰ বাবে ক্ৰীড়া জগতখনলৈও আহিব পাৰে বিশেষ পৰিবৰ্তন।

ভাৰতৰ ১০ গৰাকী অভিজ্ঞ তথা মহান ক্ৰীড়াবিদে কৰ’না মুক্ত ভাৰত তথা বিশ্বত ক্ৰীড়া জগতলৈ আহিব পৰা পৰিবৰ্তনৰ বিষয়ে আগতীয়াকৈ এক ধাৰণা আগবঢ়াইছে। এই দহ গৰাকী মহান ক্ৰীড়া বিদৰ তালিকাত আছে শচীন তেণ্ডুলকাৰ, অভিনৱ বিন্দ্ৰা আদিৰ দৰে খেলুৱৈ।

আহকচোন ভাৰতীয় ক্ৰীড়া বিদসকলৰ দৃষ্টিৰে কৰ’না মুক্ত ভাৰতৰ ক্ৰীড়া জগতখনৰ ফালে এপলক দৃষ্টি নিক্ষেপ কৰোঁ।

শচীন তেণ্ডুলকাৰ

ক্ৰিকেটৰ ভগৱান ৰূপে খ্যাত শচীন তেণ্ডুলকাৰৰ মতে কৰ’না মুক্ত খেলপথাৰত যথেষ্ট পৰিবৰ্তন দেখিবলৈ পোৱা যাব। তেওঁ কৈছে ‘ইয়াত কোনো আশংকা নাই যে পৃথিৱীয়ে সকলোতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে। মোৰ এনে লাগে ইয়াৰ পিছত খেলুৱৈয়ে থুই ৰে বল মোহাৰিবলৈ কুণ্ঠাবোধ কৰিব। কিয়নো এটা সময়লৈকে তেওঁলোকৰ মনত বেলেগ কথা (ক’ভিড -১৯)ই স্থান পাই থাকিব। খেলুৱৈ সকলে নিজৰ মাজত আলিংগন কৰাটোও দেখিবলৈ পোৱা নাযাব পাৰে। যেতিয়া খেল আৰম্ভ হ’ব তেতিয়া খেল পথাৰতো সামাজিক দূৰত্ব বজাই ৰখা দেখিবলৈ পোৱা যাব পাৰে।’

অভিনৱ বিন্দ্ৰা

ভাৰতৰ হৈ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ মতেও কৰ’না মুক্ত বিশ্বৰ ক্ৰীড়া জগতত কিছু পৰিবৰ্তন হ’ব। তেওঁৰ মতে ‘ক্ৰঘড়াই পৃথিৱীক এক কৰে। মই এই কথাক সম্পূৰ্ণ বিশ্বাস মানো যে, যেতিয়া খেল আৰম্ভ হ’ব তেতিয়া কিছু সময়ৰলৈকে সুৰক্ষাৰ বাবে কিছু প্ৰ’টকল পালন কৰা হ’ব। খেলুৱৈয়ে সামাজিক দূৰত্ব বজাই চলিব। কিন্তু খেলৰ আকৰ্ষণ কম নহ’ব। সাধাৰণ জনসাধাৰণেও স্বাস্থ্যৰ যতন ল’ব। তেওঁলোকে স্বাস্থ্যৰ বাবে খেলৰ দিশে যাব। ভাৰতীয় খেলুৱৈৰ বাবে এয়াই সুযোগ যে, তেওঁ নিজকে অধিক শক্তিশালী ৰূপে গঢ়ি তুলিব পাৰে।’

বজৰং পুনিয়া

ৰেষ্টলাৰ বজৰং পুনিয়াৰ দৃষ্টিত ‘ৰেষ্টলিং স্পৰ্শৰ ক্ৰীড়া‌। যেতিয়াই ই পুনৰ আৰম্ভ হ’ব তেতিয়া আপুনি শাৰীৰিক স্পৰ্শৰ পৰা কেনেকৈ ৰক্ষা পাব? মোৰ ভাব নহয় যে কাৰোবাৰ কিবা কুণ্ঠাবোধ হ’ব। এইকাৰণতে মোৰ এনে নালাগে যে খেললৈ কিবা পৰিবৰ্তন আহিব। যেতিয়া খেল পুনৰ আৰম্ভ হ’ব তেতিয়া প্ৰতিদ্বন্দিতা কঠিন হ’ব। খেলঙৱৈৰ ইমান দীঘলীয়া জিৰণিৰ অভ্যাস নাথাকে।আজৰি সময়খিনিত খেলুৱৈ সকলে নিজৰ নিজৰ মাজত থকা শক্তিশালী আৰু দুৰ্বল দিশবোৰ বিশ্লেষণ কৰিছে। খেলুৱৈসকলে খেলপথাৰত নতুন উদ্যমৰে নামিব।’

এম চি মেৰি কম

ভাৰতীয় বক্সিংৰ জীৱন্ত কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰি কমেও বিশ্বাস কৰে যে খেল যেতিয়া আৰম্ভ হ’ব পৰিবৰ্তন নিশ্চয় আহিব। তেওঁ কয় ‘আমি সকলোৱে আশা কৰিছোঁ যে পৃথিৱীখন পূৰ্বৰ দৰেই থাকিব। কৰ’না আমাৰ শত্ৰু। খেল যেতিয়া পুনৰ আৰম্ভ হ’ব পৰিবৰ্তন দেখিবলৈ পোৱা যাব। ময়ো শাৰীৰিক স্পৰ্শ ক্ৰীড়াৰ লগত জড়িত। চিন্তা হয় আগলৈ এনেকৈ, কি হ’ব? মই মোৰ অনুশীলন কৰি আছোঁ। দৰ্শকো আহিব। কিন্তু এটা কথা ঠিক যে পৰিস্কাৰ আৰু সুৰক্ষা সম্পূৰ্ণ নতুন পদ্ধতিৰে হ’ব। যেতিয়ালৈকে ভেকচিন তৈয়াৰ নহব তেতিয়ালৈকে চিন্তা হব। ভ্ৰমণ খুব কমেই হব আৰু টুৰ্ণামেণ্টৰো পৰিবৰ্তন হ’ব।’

বিজেন্দৰ সিং

অলিম্পিক পদক প্ৰাপ্ত বক্সাৰ বিজেন্দৰ সিঙে কৈছে ‘মোৰ ধাৰণা হয় অনুৰাগী সকলে খুব সহজভাৱে খেল উপভোগ কৰিবলৈ নাহিব। কিন্তু ভাৰতত যিকোনো ঘটিব পাৰে। মানুহ বহুত দীঘলীয়া সময় ঘৰৰ ভিতৰত আছে। তেওঁলোকে ষ্টেডিয়ামলৈ গৈ মেচ উপভোগ কৰিব বিচাৰিব। অ’ কিন্তু এই কথা নিশ্চিত যে এতিয়া বহুত সাৱধান হ’ব। বিদেশত প্ৰশিক্ষণো এতিয়া পূৰ্বৰ দৰে সহজ ন’হব। খেলুৱৈসকলৰ বিষয়ে বৰ্তমান একো ক’ব নোৱাৰি।’

বাইচুং ভূটিয়া

ভাৰতীয় ফুটবল দলৰ পূৰ্বৰ অধিনায়ক বাইচুং ভূটিয়াই কৰ’না মুক্ত ক্ৰীড়াৰ বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৈছে ‘এয়া টেলিভিছন আৰু ডিজিটেল প্লে’টফৰ্মৰ পৃথিৱী। ষ্টেডিয়ামত দৰ্শকৰ অৱস্থিতি কমাক লৈ খেলৰ পৰা হ’ব পৰা উপাৰ্জনত কোনো অসুবিধাৰ সৃষ্টি নকৰে। ইয়াৰ ক্ষতি টেলিভিছন আৰু ডিজিটেল প্লে’টফৰ্মৰ পৰা সংগ্ৰহ কৰিব পৰা যাব। খেলৰ আয়োজন লাহে লাহে লাইনলৈ আহিব। যেতিয়ালৈকে ভেকচিন তৈয়াৰ নহয় তেতিয়ালৈকে দৰ্শক কম আহিব। কিয়নো বৰ্তমান বিপদ থাকিব‌ই।’

বি সাই প্ৰণীত

এইগৰাকী বেডমিণ্টন প্লে’য়াৰে কৈছে ‘আমি বহু যাত্ৰা কৰোঁ। এতিয়া খেল আৰম্ভ হ’লে খেলুৱৈ চীন, কোৰিয়া আৰু ইউৰোপৰ দেশলৈ যাবলৈও অমান্তি হ’ব পাৰে। সংক্ৰমণৰ ভয় ক’ৰবাত নহয় ক’ৰবাত মগজুত ক্ৰিয়া কৰি থাকিব‌ই লাগে আপুনি ৰেষ্টুৰেণ্টত খাদ্য‌ই খাই থাকক বা খেলিয়েই থাকক। যেতিয়ালৈকে ভেকচিন নাহিব, চিন্তা হৈ থাকিব।’

মহেশ ভূপতি

টেনিছ খেলুৱৈ মহেশ ভূপতিয়ে কৈছে ‘চিধাই বা সংক্ষেপে কবলৈ গ’লে খেলৰ পৰিবৰ্তন নহ’ব। যেতিয়াই ক’ভিড-১৯ ৰ ভয়াবহতা দূৰ হ’ব ক্ৰীড়া জগতখন পূৰ্বৰ দৰেই থাকিব।’

চৰ্দাৰ সিং

হকী খেলুৱৈ চৰ্দাৰ সিঙেও এই বিষয়ত কিছু কথা কৈছে। ‘অলিম্পিকৰ ক্ষেত্ৰত চাওঁ যদি খেলুৱৈ সকল তৈয়াৰ হোৱাত বেছি সময় লাভ কৰিব। কিন্তু, এইটোও সঠিক যে তেওঁলোকে নতুন পৰিকল্পনা তৈয়াৰ কৰিব লাগিব। খেল যেতিয়া আৰম্ভ হ’ব তেতিয়া ইয়াতো সামাজিক দূৰত্ব দেখিবলৈ পোৱা যাব। লক্ষণীয় হ’ব বক্সিং, ৰেষ্টলিং আৰু হকীলৈ কি পৰিবৰ্তন আহে। কিয়নো এইবোৰ শাৰীৰিক স্পৰ্শৰ খেল।’

ডি হৰিকা

ডবা খেলুৱৈ ডি হৰিকায়ো এই বিষয়ত নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ কৈছে ‘ইয়াত কোনো দ্বিমত নাই যে খেলত কিছু প্ৰভাৱ পৰিব। বিশেষকৈ যাত্ৰাৰ সময়ত। খেলুৱৈ সকলৰ ওপৰতো প্ৰভাৱ পৰিব। কিন্তু মোৰ বিশ্বাস, এইবোৰ ছয় মাহৰ পৰা এটা বছৰৰ ভিতৰত সকলো পূৰ্বৰ দৰে হৈ পৰিব।’

এয়া আছিল ১০ গৰাকী ভাৰতীয় ক্ৰীড়া বিদৰ কৰ’না মুক্ত ক্ৰীড়া জগতৰ ওপৰত নিজস্ব ধাৰণা। এই ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ ধাৰণা মনলৈ আহিছে আমাক জনাবলৈ নাপাহৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments