Tuesday, October 4, 2022
HomeNewsৰোড চেফটি ৱৰ্ল্ড চিৰিজ ২০২০: দৰ্শকবিহীন ভাৱে হ'ব পৰৱৰ্তী মেচসমূহ

ৰোড চেফটি ৱৰ্ল্ড চিৰিজ ২০২০: দৰ্শকবিহীন ভাৱে হ’ব পৰৱৰ্তী মেচসমূহ

কৰ’না ভাইৰাছে ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰাৰ লগে লগে ক্ৰীড়াৰ ক্ষেত্ৰখনতো ইয়াৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে আই পি এলৰ টিকট বিক্ৰী পৰ্যন্ত নিষেধ কৰি দিছে। সংক্ৰামক এই ৰোগবিধে কঢ়িয়াই অনা ভাবুকিৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ভাৰতত চলি থকা পথ সুৰক্ষা ৱৰ্ল্ড চিৰিজৰ পৰৱৰ্তী মেচসমূহ দৰ্শকবিহীন ভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

১৩ মাৰ্চত মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই চিৰিজৰ পৰৱৰ্তী মেচখনত দক্ষিণ আফ্ৰিকান লিজেণ্ডৰ মুখা-মুখি হ’ব শ্ৰীলংকান লিজেণ্ড।মেচখন বন্ধ ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতি অবিহনে অনুষ্ঠিত হ’ব উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ লাহে লাহে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি প্ৰশাসনে বিশেষ ব্যৱস্থা হাতত লৈছে।

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাইও কৰ’নাক মহামাৰী হিচাপে ঘোষণা কৰিছে। বৰ্তমানলৈ সমগ্ৰ বিশ্বতে বিয়পি পৰা এই মহামাৰীত চাৰি হাজাৰতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments