ক’ৰণা, যৌনবিদ্বেষ- অনিশ্চিত ক্ৰীড়া মহাযজ্ঞ

অলিম্পিয়া প্রতিবেদন

মাজত ৪৪ দিন৷ কাউণ্ট দাউন আৰম্ভ৷ কিন্তু ‘গ্ৰেটেষ্ট স্ব’ অন আৰ্থ’ৰ পৰ্দা শেষ পৰ্যন্ত উঠিব নে নাই সেয়া অৱশ্যে এতিয়াও নিশ্চিত নহয়৷ ক’ৰণা ভাইৰাচৰ সংক্ৰমণ বৃদ্ধি পাইছে দ্ৰুতগতিত৷ জাপানৰ অভ্যন্তৰত চলিছে অলিম্পিক বিৰোধী প্ৰতিবাদৰ ধুমুহা৷ টকিঅ’ চহৰৰ চৌদিশে এতিয়া প্ৰতিবাদৰ ছবি ‘ cancel olympic, murder olympic’৷ ৮০ শতাংশ নাগৰিক অলিম্পিক আয়োজনৰ বিৰুদ্ধে৷

জাপান চৰকাৰ, আন্তৰ্জাতিক অলিম্পিক সংস্থাৰ অৱশ্যে এইবোৰলৈ কাণষাৰ নাই৷ সাংঘাটিক দুৰ্যোগ নাহিলে অলিম্পিক বাতিলৰ সম্ভাৱনা নাই৷ টকিঅ’ অলিম্পিকৰ সচিব ছেইক হাছিমত ই সংবাদ মাধ্যমৰ আগতে স্পষ্টকৈ জনাইছে৷ তেওঁ অৱশ্যে টকিঅ’ অলিম্পিক আয়োজনৰ ক্ষেত্ৰত আহি জটিলতাৰ বিষয়েও সংবাদ মাধ্যমক অৱগত কৰিছে৷ তেওঁ জনাবলৈ দিয়া মতে দিন আগবাঢ়ি যোৱাৰ লগে লগে জটিলতাও বাঢ়িছে৷ ১০ হেজাৰ স্বেচ্ছাসেৱকে ইতিমধ্যে অলিম্পিকৰ পৰা আঁতৰি গৈছে৷ কাৰণ- ক’ৰণা ভাইৰাচৰ সংক্ৰমণৰ আশংকা, যৌনবিদ্বেষৰ বিতৰ্ক আৰু সূচী সম্পৰ্কীয় জটিলতা৷ অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব টকিঅ’ অলিম্পিক৷ মাজত ৪৪ দিন৷ ২০৫ খন দেশে যোগদান কৰাৰ সম্ভাৱনা আছে বিশ্বৰ এই সৰ্ববৃহত ক্ৰীড়া সমাৰোহখনত৷ সংবাদ মাধ্যমক হাছিমত’ই জানিবলৈ দিয়া মতে অধিকাংশ দেশে যদি অংশগ্ৰহণ নকৰে তেনেহলে বাতিল হ’ব পাৰে অলিম্পিক৷ কাৰণ ক’ৰণাৰ সংক্ৰমণ এতিয়া সমগ্ৰ বিশ্বতে৷ এনে পৰিস্থিতিত দেশসমূহ অংশগ্ৰহণৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব পাৰে৷ যদি কোনো তেনে অনাহূত পৰিস্থিতি হয় তেনেহলে বাতিল কৰিব লগা হ’ব পাৰে অলিম্পিক–হাছিমতাৰ মন্তব্য৷

জাপানত বৰ্তমান ক’ৰণা ভাইৰাচৰ ভয়াবহ সংক্ৰমণ কেৱল ৰাজধানী টকিঅ’ চহৰতেই দৈনিক আক্ৰান্তৰ সংখ্যা সহস্ৰাধিক৷ ক’ৰণাৰ চতুৰ্থটো আক্ৰমণ চলিছে দেশখনত৷ পৰিস্থিতিত অলিম্পিক আয়োজনৰ বিৰুদ্ধে প্ৰতিবাদী মিছিল বাহিৰ কৰিবলৈ বাধ্য হৈছে জাপানী নাগৰিক৷ টকিঅ’ত ইতিমধ্যে জাৰি কৰা হৈছে জৰুৰী অৱস্থা৷ ৮০ হেজাৰ স্বেচ্ছাসেৱকৰ ভিতৰত ১০ হেজাৰে নাম প্ৰত্যাহাৰ কৰিলেও অলিম্পিক আয়োজনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় বুলি ইতিমধ্যে জনাইছে হাছিমত’ই৷ উল্লেখ্য যে ফেব্ৰুৱাৰীত নাৰী বিদ্বেষী মন্তব্য কৰি পদত্যাগ কৰিবলৈ বাধ্য হৈছিল হাচিমতোৰ পূৰ্বসূৰী ইত্তাছিৰ’ ম’ৰিয়ে৷ টকিঅ’ অলিম্পিকত বিদেশী দৰ্শক থকাৰ সম্ভাৱনা ইতিমধ্যে বাতিল কৰা হৈছে৷ জাপানী দৰ্শকে অলিম্পিক চাবলৈ পাবনে নাই সেয়া ২০ জুনত জৰুৰী অৱস্থা বাতিল হোৱাৰ পিছতে সিদ্ধান্ত হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *