ক’ৰনাক প্ৰতিহত কৰিবলৈ সমুখ সমৰত নামিছে বিশ্বৰ লগতে ভাৰতৰ সৰু-বৰ সকলো ক্ৰীড়াবিদ

Olympia sports.in

সমগ্ৰ পৃথিৱীলৈ মৃত্যুদূত হিচাপে আহিছে মাৰাত্মক ক’ৰনা ভাইৰাছ। মৃত্যু উপত্যকালৈ পৰিণত কৰিছে বিশ্বৰ বহু উন্নত দেশক। ধ্বংস হৈ গৈছে বিশ্ব অৰ্থনীতি। এনে এক জটিল সন্ধিক্ষণত ক’ৰনাৰ বিৰুদ্ধে যুজঁ দিবলৈ সমুখ সমৰত নামি পৰিছে বিশ্ব ক্ৰীড়াৰ বহু তাৰকা ক্ৰীড়াবিদ। যাৰ বাবে এতিয়া প্ৰতিখন দেশৰ জনসাধাৰণেই নহয় চৰকাৰেও কিছু সকাহ লাভ কৰিবলৈ সক্ষম হৈছে। এইসকল ক্ৰীড়াবিদ এতিয়া সমগ্ৰ বিশ্বৰ ক্ৰীড়াবিদৰ লগতে সকলো ক্ষেত্ৰৰে ব্যক্তিসকলৰ আদৰ্শ হিচাপে পৰিগণিত হৈছে।

বিশেষ লেখা

✍️ তুষাৰ প্ৰতিম

সমগ্ৰ বিশ্ব এতিয়া ক’ৰনা ভাইৰাছৰ কবলত। চীনৰ উহান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বলৈ সংক্ৰমণ ঘটা ক’ৰনা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে সমগ্র বিশ্ব। প্ৰায়বোৰ দেশেই বিমানবন্দৰ বন্ধ কৰি দিয়াৰ উপৰিও লকডাউন প্ৰধান প্ৰধান চহৰসমূহৰ লগতে সমগ্র দেশ। এতিয়ালৈকে সমগ্র বিশ্বৰ প্ৰায় ২০০ খন দেশ ক’ৰনা ভাইৰাছৰ কবলত পৰাৰ বিপৰীতে সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৭,৮২৬ গৰাকী ব্যক্তি। ইয়াৰ ভিতৰত ইটালীত সকলোতকৈ বেছি ব্যক্তি ক’ৰনাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে‌। ইটালীত এতিয়ালৈকে ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১৫৯১ জন ব্যক্তি। আনহাতে স্পেইনত ৭৭১৬ জন, আমেৰিকাত ৩১৭০ জন আৰু চীনত ৩৩০৫ জন, ফ্ৰান্সত ৩০২৪ জন, ইৰাণত ২৭৫৭ জন, ইউ কেত ১৪০৮ ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে অন্যান্য ৰাষ্ট্ৰ বোৰত মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে হাজাৰৰ ওচৰলৈ গতি কৰিছে।

বৰ্তমানলৈকে বিশ্বত ক’ৰনাৰ স্থিতি

এনে এক পৰিস্থিতিত এতিয়া সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছে। যাৰ বাবে ইয়াৰ পূৰ্ণ প্ৰভাৱ পৰিছে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰটো। প্ৰথম পৰ্যায়ত এছিয়া মহাদেশৰ একাংশ ৰাষ্ট্ৰ‌ই এখন, দুখন প্ৰতিযোগিতা বাতিল কৰিছিল যদিও ইউৰোপৰৰ প্ৰতিখন দেশতে অনুষ্ঠিত হৈ আছিল বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা। সেই সময়ত অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে ক’ৰনা ভাইৰাছ মানুহৰ জৰিয়তে সংক্ৰমণ নঘটে বুলি কোৱাৰ বাবেই বিষয়টোক ইউৰোপৰ ৰাষ্ট্ৰ বোৰে গভীৰ ভাৱে লোৱা নাছিল। অনুষ্ঠিত কৰিছিল পূৰ্বে নিৰ্ধাৰিত কৰা সূচী অনুসৰিয়েই বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা। যাৰ বাবে ক’ৰনা ভাইৰাছৰ উৎপত্তি স্থল চীনতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে এতিয়া ইউৰোপৰ বিভিন্ন ৰাষ্ট্ৰ।

বিভিন্ন দেশত ক’ৰনা ভাইৰাছৰ বৰ্তমানৰ স্থিতি

শেহতীয়াকৈ ক’ৰনা ভাইৰাছৰ বাবে বাতিল কৰা হ’ল টকিঅ’ অলিম্পিক। প্ৰতিযোগিতাখন চলিত বছৰৰ জুলাই মাহৰ ২৪ তাৰিখৰ পৰা জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰতিযোগিতাখনক লৈ সম্পূৰ্ণ সাজু হৈ পৰিছিল আয়োজক দেশ জাপান আৰু সকলো অংশগ্ৰহণকাৰী ৰাষ্ট্ৰ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ পৰিছিল। ক’ৰনা ভাইৰাছৰ বাবেই এতিয়া প্ৰতিযোগিতাখন সম্পূৰ্ণ এবছৰ পিছুৱাই ২০২১ চনৰ জুলাই মাহৰ ২৩ তাৰিখৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

টকিঅ’ অলিম্পিকৰ নতুন সূচী

সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছে এনেদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিত সকলো ৰাষ্ট্ৰ‌ই ভয়ংকৰ অৰ্থ সংকটত ভূগিছে। ভাঙি গৈছে প্ৰতিখন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ ভেঁটি। এনে এক জটিল সন্ধিক্ষণত এতিয়া প্ৰতিখন দেশৰে তাৰকা ক্ৰীড়াবিদসকল সহায়ৰ বাবে আগবাঢ়ি আহিছে । কোনোৱে যদি নিজৰ সাঁচতীয়া ধন ক’ৰনাৰ বিৰুদ্ধে যুঁঁজিবলৈ চৰকাৰলৈ আগবঢ়াইছে, আন কোনোৱে আকৌ দায়িত্ব লৈছে দৰিদ্ৰ জনতাক খাদ্য যোগান ধৰাৰ। আন কোনোৱে আকৌ ধন সংগ্ৰহ কৰি চৰকাৰক কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে।

পিছপৰি থকা নাই ভাৰতীয় ক্ৰীড়াবিদসকলো। ভাৰতীয় ক্ৰীড়াবিদসকলেও চৰকাৰ তথা দৰিদ্ৰ জনতালৈ সহায়ৰ হাত আগবঢ়াইছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডুলকাৰে চৰকাৰলৈ আগবঢ়াইছে ৫০ লাখ টকাৰ আৰ্থিক অনুদান। প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে এই ধন সমানে দুভাগ কৰি ২৫ লাখ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ আৰু ২৫ লাখ মহাৰাষ্ট্ৰ চৰকাৰৰ সাহাৰ্য নিধিলৈ আগবঢ়াইছে।

ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাইলিছ বেটছমেন সুৰেশ ৰাইনাই ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ আগবঢ়াইছে ৫২ লাখ। ইয়াৰে ৩১ লাখ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ আৰু ২১ লাখ টকা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ আগবঢ়াইছে। এই ধন আগবঢ়াই ৰাইনাই টুইটাৰত নিজৰ মন্তব্যও প্ৰকাশ কৰিছে।

ৰাইনাৰ টুইট

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ব্যক্তিগতভাৱে ৫০ লাখ টকাৰ চাউল দৰিদ্ৰ জনসাধাৰণলৈ আগবঢ়াইছে। দেশ লকডাউন হৈ থকাৰ বাবে দৰিদ্ৰ লোকসকল যাতে অনাহাৰে থাকিব নালাগে তাৰ বাবেই ‘দাদা’ হিচাপে খ্যাত গাংগুলীয়ে এই পদক্ষেপ হাতত লৈছে। ইয়াৰোপৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ফালৰ পৰা ভাৰত চৰকাৰলৈ ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে ৫১ কোটি টকা। এই কথা টুইটাৰৰ জৰিয়তে গাংগুলীয়ে ৰাজহুৱা কৰিছে।

গাংগুলীৰ টুইট

এইসকলৰ উপৰিও ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ অভিনেত্ৰী পত্নী অনুস্কা শৰ্মা, ভাৰতীয় ক্ৰিকেট দলৰ অপেনিং বেটছমেন শিখৰ ধাৱান আৰু আজিংক ৰাহানেই অহৰহ চচিয়েল মিডিয়াৰ জৰিয়তে সকলোকে চৰকাৰক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাই অহাৰ লগতে ব্যক্তিগতভাৱে সাধ্যনুসৰি চৰকাৰলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কথা জানিবলৈ দিছে‌ । ৰাহানেই চৰকাৰলৈ আগবঢ়াইছে ১০ লাখ টকাৰ আৰ্থিক অনুদান। অৱশ্যে বিৰাট কোহলি আৰু শিখৰ ধাৱানে কিমান পৰিমাণৰ ধন আগবঢ়াইছে সেয়া ৰাজহুৱা কৰা নাই। ইয়াৰ উপৰিও ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে চৰকাৰলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছে বুলিও এক খবৰ ৰাজহুৱা হৈছিল। অৱশ্যে এই কথা ধোনীৰ পত্নীয়ে টুইটাৰৰ জৰিয়তে অস্বীকাৰ কৰিছে। ভুৱা খবৰ প্ৰচাৰ কৰাৰ বাবে ধোনীৰ পত্নীয়ে সংবাদ মাধ্যম আৰু একাংশ ব্যক্তিক সমালোচনা কৰি কৈছিল যে জটিল সময়ত চৰকাৰ তথা জনসাধাৰণৰ লগত থিয় দিয়াটো তেওঁলোকৰ দায়িত্ব। কিন্তু কেনেদৰে সহায় কৰিছে সেয়া ৰাজহুৱা কৰিবলৈ তেওঁলোক আগ্ৰহী নহয়। ইয়াৰ পৰা বুজিব পাৰি যে ধোনীয়েও হয়তো চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে। আনহাতে প্ৰাক্তন ক্ৰিকেটাৰ পাঠান ভাতৃদ্বয়েও ক’ৰনাৰ পৰা ৰক্ষা পাবলৈ মাক্স আৰু চেনিটাইজাৰ যোগান ধৰিছিল।

https://twitter.com/imVkohli/status/1244497077750489090?s=20
বিৰাটৰ টুইট

ক্ৰিকেটাৰ সকলৰ উপৰিও অন্যান্য ক্ৰীড়াবিদসকলো এই জটিল সময়ত চৰকাৰ তথা জনসাধাৰণৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। ডিশ্ব বেডমিণ্টন চেম্পিয়শ্বিপৰ খিতাপ বিজয়ী শ্বাটলাৰ পি ভি সিন্ধুৱে ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ তামিলনাডু আৰু তেলেংগানাৰ ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে ৫ লাখকৈ ১০ লাখ টকা। আনহাতে বক্সাৰ বজৰং পুনিয়াই একেই উদ্দেশ্যত চৰকাৰলৈ আগবঢ়াইছে তেওঁৰ ছমাহৰ দৰমহা।

পি ভি সিন্ধুৰ টুইট

অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকাই আগবঢ়াইছে এমাহৰ জলপানী, লাভলীনাই আগবঢ়াইছে ৩৫ হাজাৰ টকা

ইয়াৰ উপৰিও তাৰকা বক্সাৰ এম চি মেৰিকম, ধিং এক্সপ্ৰেছ হিমা দাসে আগবঢ়াইছে তেওঁলোকৰ এমাহৰ দৰমহা।

হিমাৰ টুইট

অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকাই ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰিবলৈ চৰকাৰলৈ আগবঢ়াইছে তেওঁৰ এমাহৰ জলপানী। চলিত বছৰৰ আৰম্ভণিতে হৃদয়ে খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত শ্বুটিংত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। হৃদয়ে নিজৰ এমাহৰ জলপানী আগবঢ়োৱাৰ উপৰিও সকলোকে চৰকাৰৰ সকলো নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ উপৰিও অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে চৰকাৰলৈ আগবঢ়াইছে ৩৫ হাজাৰ টকাৰ অনুদান।

ক’ৰনা ভাইৰাছৰ বাবে সংকটত পৰা দেশৰ চৰকাৰ তথা জনসাধাৰণক সহায় কৰাৰ উদ্দেশ্যেৰে যে কেৱল খেলুৱৈ সকলহে ওলাই আহিছে তেনে নহয়। দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱেও কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াইছে তেওঁৰ এমাহৰ দৰমহা আৰু তেওঁৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা মুকলি কৰি দিছে ১ কোটি ধন। স্প’ৰ্টছ অ’ৰ্থৰিটি অব ইণ্ডিয়াই আগবঢ়াইছে ৭৬ লাখ টকা।

https://twitter.com/KirenRijiju/status/1244587412686131200?s=20

এইসকল ভাৰতীয় খেলুৱৈৰ উপৰিও সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহু কেইগৰাকী মহান ক্ৰীড়াবিদে। এনে এক জটিল সন্ধিক্ষণত নিজ দেশৰ চৰকাৰলৈ আগবঢ়াইছে এইসকল ক্ৰীড়াবিদে প্ৰচুৰ পৰিমাণৰ আৰ্থিক সাহাৰ্য। বিশ্ব ফুটবল তাৰকা লিয়নেল মেছি, ৰ’নাল্ডো, মানচেষ্টাৰ চিটিৰ মেনেজাৰ পেপ গুৱাৰডিঅ’গা, টেনিছ খেলুৱৈ ৰ’জাৰ ফেডাৰাৰ, ৰাফেল নাডাল, ন’ভাক জ’কভিচ আদি বিখ্যাত খেলুৱৈসকল এতিয়া নিজ নিজ দেশৰ চৰকাৰৰ বাবে সকাহ হিচাপে চিহ্নিত হৈছে। কিয়নো এইসকলে নিজৰ দেশলৈ আগবঢ়াইছে প্ৰচুৰ পৰিমাণে অৰ্থ।

তাৰকা ফুটবলাৰ লিয়নেল মেছিয়ে নিজৰ দেশলৈ আগবাঢ়িছে এক নিযুত ধন। ৰ’নাল্ডোৱে পৰ্তুগীজৰ চিকিৎসালয়লৈ তিনিটা ইনটেনছিভ কেয়াৰ ইউনিট, ইউনিভাৰ্চিটি হাস্পতাল চেণ্টাৰ অব নৰ্ডান লিছবনলৈ দহখনকৈ বিচনাযুক্ত ইনটেনছিভ কেয়াৰ ইউনিট আগবঢ়োৱাৰ উপৰিও প্ৰচুৰ পৰিমাণে ধনো আগবঢ়াইছে। মানচেষ্টাৰ চিটীৰ মেনেজাৰ পেপ গুৱাৰডিঅ’ই নিজ চৰকাৰলৈ আগবঢ়াইছে ১ নিযুত ধন। ৰ’জাৰ ফেডাৰাৰে তেওঁঁৰ চৰকাৰলৈ আগবঢ়াইছে এক কোটি ছুইছ ফ্ৰাংক। অৰ্থাৎ ৭.৭০ কোটি টকা। ছাৰ্বিয়ান টেনিছ তাৰকা ন’ভাক জ’কভিচে নিজ দেশলৈ আগবঢ়াইছে ১.১০ মিলিয়ন ডলাৰ লগতে ধন্যবাদ জনাইছে ক’ৰনা আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰি থকা চিকিৎসা কৰ্মীসকলক। আনহাতে স্পেইনৰ তাৰকা টেনিছ প্লেয়াৰ ৰাফেল নাডাল নিজেই এক বৃহৎ পৰিমাণৰ অৰ্থ নিজ দেশলৈ যোগান ধৰাৰ উপৰিও এক নিৰ্দিষ্ট আঁচনি তৈয়াৰ কৰি লৈছে। দেশৰ তাৰকা খেলুৱৈ আৰু ফেডাৰেচনক একত্ৰিত কৰি সকলোৰে জৰিয়তে ধন সংগ্ৰহ কৰি চৰকাৰলৈ এক বৃহৎ পৰিমাণৰ ধন যোগান ধৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি হাতে কামে লাগিছে। নাডালৰ এই প্ৰচেষ্টাত এতিয়া কেৱল দেশৰ ক্ৰীড়াবিদ বা ফেডাৰেচনেই নহয় অন্যান্য ক্ষেত্ৰৰ তাৰকাৰ পৰা আৰম্ভ কৰি সাধাৰণ ব্যক্তিয়েও সহযোগিতা আগবঢ়াইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *