Friday, September 30, 2022
HomeNewsক'ৰনাৰ ত্ৰাসত ত্ৰস্তমান ক্ৰীড়া বিশ্ব : ৰ'নাল্ডোৰ মহানুভৱতা, ছোৱেবৰ গালি

ক’ৰনাৰ ত্ৰাসত ত্ৰস্তমান ক্ৰীড়া বিশ্ব : ৰ’নাল্ডোৰ মহানুভৱতা, ছোৱেবৰ গালি

https://olympiasports.in/

কৰ’নাই সম্প্ৰতি ত্ৰাসৰ সৃষ্টি কৰিছে সকলোতে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এতিয়া বাঘে ছাগে একেটা ঘাটতে পানী খোৱা ছবিও হৈ পৰিছে সুলভ। চীনে ইটালীলৈ প্ৰেৰণ কৰা মেডিকেল মাস্কৰ বাকচত বাৰ্তা পঠাইছে এইবুলি, ” We are waves from the same sea.” ঠিক সেইদৰে সততে শত্ৰু ৰাষ্ট্ৰ বুলি জ্ঞান কৰা জাপানে চীনলৈ সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰিছে, সামগ্ৰীৰ বাকচত লিখি পঠিয়াইছে এইবুলি, ” We have different mountains & rivers but we share the same sun, moon & sky” মুঠতে ব্যক্তিগত লাভালাভ, শত্ৰুতা, স্বাৰ্থপৰতা আদি পাহৰি সকলো একগোট হৈছে এখন আকাশৰ তলত কৰ’না নামৰ সকলোৰে উমৈহতীয়া শত্ৰুক বাধা দিয়াৰ উদ্দেশ্যেৰে।

ইতিমধ্যে কৰ’নাই আন ক্ষেত্ৰৰ লগতে ক্ৰীড়া বিশ্বকো জোকাৰি গৈছে। অলিম্পিকৰ দৰে ক্ৰীড়াৰ মেগা ইভেণ্টখনৰ আয়োজনৰ সন্মুখতো ৰৈছে এক ডাঙৰ প্ৰশ্নবোধক চিন। বাকী ফুটবলৰ পৰা আৰম্ভ কৰি ক্রিকেটলৈকে বিশ্বৰ প্ৰায় সকলো গ্লেমাৰসৰ্বস্ব খেলৰ মেগা প্ৰতিযোগিতাসমূহো অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি আই পি এলৰ পৰা আৰম্ভ কৰি ইংলিছ প্ৰিমীয়াৰ লীগ, লা লিগাৰ খেলসমূহো পিছুৱাই দিয়া হৈছে। ইতিমধ্যে বহুকেইজন খেলুৱৈও এই মহামাৰীত আক্ৰান্ত হৈছে। এন বি এৰ খেলুৱৈ ৰোডি গ’বাৰ্ট আক্ৰান্ত হোৱাৰ পিছত এন বি এৰ ৰেগুলাৰ ছিজনৰ খেলসমূহ অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। ফুটবল বিশ্বৰো কেইবাজনো খেলুৱৈ এই মাৰাত্মক ব্যাধিৰ দ্বাৰা আক্ৰান্ত হৈছে। বিখ্যাত ফুটবল ক্লাব আৰ্চেনালৰ মেনেজাৰ মাইকেল আৰ্টেটাৰ লগতে চেলছি ফুটবল ক্লাবৰ কালল’ম হাডছনো ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। ভেলেনচিয়াৰ খেলুৱৈ আৰ্জেন্টিনাৰ ডিফেণ্ডাৰ জেকুইন গেৰে কৰ’নাত আক্ৰান্ত হোৱা লা লীগাৰ প্ৰথমজন খেলুৱৈ। ইয়াৰ পিছতে দলটোৰ আৰু চাৰিজনকৈ খেলুৱৈ কৰ’নাৰ দ্বাৰা আক্ৰান্ত হয়।

ৰ’নাল্ডোৰ মহানুভৱতা

ফুটবল বিশ্বৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই দেখুৱালে মহানুভৱতা। কৰ’না ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই দিয়া যুজঁখনৰ অংশীদাৰ হৈ পৰিল এই গৰাকী পৰ্টুগালৰ সফল ফুবলাৰ। হোটেল ব্যৱসায়তো সফল হোৱা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ আছে সমগ্ৰ বিশ্বতে বহুকেইখন নামী দামী হোটেল। স্পেনিছ সংবাদ পত্ৰ মাৰ্কাৰ খবৰ অনুসৰি কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়ত সকলো চি আৰ -৭ হোটেল চিকিৎসালয়লৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ভাইৰাছ আক্ৰান্ত ৰোগীক শুশ্ৰূষাৰ বাবে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পৰা যাব এই হোটেলসমূহ। অৱশ্যে সংবাদ পত্ৰখনৰ এই খবৰ সঁচা নহয় বুলি ব্যক্ত কৰিছে পৰ্টুগালৰ আন এজন সাংবাদিক ফিলিপ কায়েটানোৱে। ইয়াৰ আগেয়ে এক আৱেগিক বাৰ্তাত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা মানি চলিবলৈ অনুৰাগী আৰু জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল ফুটবল তাৰকাগৰাকীয়ে। ফুটবল বিশ্বৰ আন এজন তাৰকা লায়নেল মেছিয়েও আহ্বান জনাই কৈছে যে ” এয়া দায়বদ্ধতাৰে আচৰণ কৰি নিজকে ঘৰত আবদ্ধ কৰি ৰখাৰ সময়।

ছোৱেব আখতাৰে সমালোচনা কৰিলে চীনক

পাকিস্তানৰ পূৰ্বৰ ক্ৰিকেটাৰ ছোৱেব আখতাৰে নিজৰ ইউটিউব চেনেলত চীনক সমালোচনা কৰি এক ভিডিঅ’ আপলোড কৰিছে। চীনৰ পৰা সমগ্ৰ বিশ্বলৈ সংক্ৰমণ ঘটা ক’ৰনা ভাইৰাছৰ বাবে চীনৰ জনসাধাৰণৰ খাদ্যভ্যাসকে জগৰীয়া কৰিছে আখতাৰে।নিজৰ ইউটিউব চেনেলত চীনক সমালোচনা কৰি কয় এইদৰে—

“মই এই কথা বুজি নাপাওঁ যে মানুহে কিয় নিগনি খাব লাগে, নিগনিৰ তেজ পৰ্যন্ত খাই অসুখত ভুগি সেই অসুখ বিশ্বৰ আন প্ৰান্তলৈও তাক বিয়পাই দিব লাগে!মই চাইনীজ মানুহৰ কথা কৈছোঁ। তেওঁলোকে এতিয়া সমগ্ৰ বিশ্বৰ প্রতিয়েই ভাবুকি কঢ়িয়াই আনিছে। মই বুজি নাপাওঁ যে কিয় মানুহে নিগনি, কুকুৰ, মেকুৰী আদি খাব লাগে! মোৰ সঁচাকৈ আজি খং উঠিছে।”

YouTube player

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments