অৱশেষত ভাৰতীয় মহিলা হকী দলৰ চীন ভ্ৰমণ বাতিল কৰা হ’ল। ক’ৰ’না ভাইৰেছৰ আতংকৰ বাবেই চীন ভ্ৰমণ বাতিল কৰিবলগীয়া হয়। ‘আমি চীন ভ্ৰমণ কৰাৰ কথা আছিল, কিন্তু ক’ৰ’না ভাইৰাছৰ দ্ৰুত প্ৰসাৰৰ বাবে এই ভ্ৰমণ বাতিল কৰা হয়।’ এই দৰে কয় বাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপালে। উল্লেখ্য যে ভাৰতীয় মহিলা হকী দলটোয়ে ১৪ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ চীন ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে এই ভ্ৰমণ বাতিল কৰিবলগীয়া হৈচ। ইতিমধ্যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় মহিলা হকী দলটোৰ চীন ভ্ৰমণ আছিল একপ্ৰকাৰৰ অলিম্পিক প্ৰস্তুতি। ক’ৰ’না ভাইৰাছৰ বাবে এি ভ্ৰমণ বাতিল কৰিবলগীয়া হোৱাত এতিয়া হকী ইণ্ডিয়াই বিকল্পৰ সন্ধান কৰিছে। অৱশ্য়ে বিকল্প দল এতিয়া পোৱাটোও টান হৈ পৰিচে। কিয়নো প্ৰ’হকী লীগত দলসমূহে অংশগ্ৰহণ কৰিছে। অলিম্পিকলৈ মাজত মাত্ৰ আছে পাংচটা মাহ। গতিকে হকী ইণ্ডিয়াই প্ৰস্তুতিৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰিবলৈ বিচৰা নাই। চীন ভ্ৰমণ বাতিল কৰিলেও সেই সময়ত যাতে দলটো অন্য দলৰ লগত ব্যস্ত থাকিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...