Monday, October 3, 2022
HomeNewsকৰ'না ভাইৰাছ: বাতিল হ'ব নেকি ২০২০ৰ টকিঅ' অলিম্পিক

কৰ’না ভাইৰাছ: বাতিল হ’ব নেকি ২০২০ৰ টকিঅ’ অলিম্পিক

জুলাইত জাপানত অনুষ্ঠিত হোৱা কথা ক্ৰীড়া বিশ্বৰ মহাৰণ অলিম্পিক। তাৰবাবে ইতিমধ্যে যুদ্ধংদেহি ৰূপত প্ৰস্তুতি চলাই আছে ২০২০ৰ টকিঅ’ অলিম্পিকৰ আয়োজক কমিটিয়ে। কিন্তু সম্প্ৰতি আয়োজক কমিটিখন ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই প্ৰত্যাহ্বান কঢ়িয়াই আনিছে চীনত ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছে। কৰ’না ভাইৰাছৰ ফলত চীনত ইতিমধ্যে মৃত্য মুখত পৰিছে ৪৯০ জনকৈ লোক। তাৰ বিপৰীতে আক্ৰান্ত হৈছে প্ৰায় ২৪,৩০০ লোক। বিশ্বৰ ২৭খন দেশলৈ বিয়পি পৰা এই ভাইৰাছত এতিয়া জাপানৰো ১০ জনকৈ লোক আক্ৰান্ত হৈছে। আৰু তাৰেই পোনপটীয়া প্ৰভাৱ পৰিছে জাপানৰ অলিম্পিকৰ প্ৰস্তুতিপৰ্বতো। জাপানে সলনি কৰিবলৈ বাধ্য হৈছে বহুকেইটা খেলৰ প্ৰস্তুতিৰ বাবে নিৰ্ধাৰণ কৰা দিনাংকও।

টকিঅ’ অলিম্পিকৰ এৰিয়াকা এৰেনাত অনুষ্ঠিত ভলীবল আৰু হুইলচেয়াৰ বাস্কেটবল প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত এইদৰে দৰ্শকক মাস্ক পিন্ধি অনুষ্ঠান উপভোগ কৰা দেখা যায়

আয়োজক কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া টছিৰ’ ম’টোই কৰ’না ভাইৰাছে কঢ়িয়াই অনা ভাবুকিৰ বিষয়ত কয় যে “ক্ৰমাৎ বাঢ়ি অহা কৰ’না ভাইৰাছৰ সংক্ৰমনে অলিম্পিকৰ প্রস্তুতিত ব্যাঘাত জন্মাব। এই লৈ আমি শংকিত হৈছো।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments