কৰোনাৰ দ্বিতীয় ঢৌ: বাতিল হৈছে ইখনৰ পিছত সিখনকৈ ক্রীড়া প্ৰতিযোগিতা

অলিম্পিয়া প্রতিবেদন

সম্প্রতি কৰোনাৰ দ্বিতীয় ঢৌত আক্ৰান্ত সমগ্ৰ দেশ। নিতৌ হোৰাহোৰে বাঢ়িব লাগিছে কৰোনা ৰোগীৰ সংখ্যা। তেনে সময়তে এতিয়া পুনৰ কৰোনাৰ বাবে দেশত ইখনৰ পিছত সিখনকৈ ক্রীড়া প্ৰতিযোগিতা বাতিল অথবা স্থগিত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰিয়েই ৰাজ্যৰ লগতে দেশৰো বিভিন্ন ক্রীড়া প্ৰতিযোগিতাসমূহ স্থগিত ৰখা হৈছে।

সোমবাৰে ভাৰতীয় বেডমিণ্টন সন্থাই ইণ্ডিয়া অপেন ছুপাৰ ৫০০ টুৰ্ণামেণ্টখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১১ৰ পৰা ১৬ মেলৈ প্ৰতিযোগিতাখন নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল। উল্লেখযোগ্য যে, আগন্তুক টকীঅ’ অলিম্পিকৰ বাবে বাকী থকা তিনিখন যোগ্যতা নিৰ্ণয়কাৰীৰ এখন আছিল এই টুৰ্ণামেণ্টখন। ভাৰতৰ পি ভি সিন্ধুৰ দৰে তাৰকা শ্বাটলাৰৰ লক্ষ্য আছিল এই ইণ্ডিয়া অপেন ছুপাৰ ছিৰিজ। কিন্তু, দিল্লীত প্ৰতিদিনে আকাশচুম্বী ৰূপত কৰোনা বিয়পি পৰাৰ বাবেই এতিয়া গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টখন বাতিল কৰিবলৈ বাধ্য হয় ভাৰতীয় বেডমিণ্টন সন্থা। এক ভাৰ্চুৱেল সংবাদমেলত এই কথা উল্লেখ কৰে বেডমিণ্টন সন্থাৰ সম্পাদক অজয় সিংহানিয়াই।

ইপিনে, অসমতো এই পৰ্যন্ত বহুকেইখন ক্রীড়া প্ৰতিযোগিতা স্থগিত ৰখা হৈছে। ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক’ভিড ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ইতিপূৰ্বে অসম সাঁতোৰ সন্থাই ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে দেওবাৰে অসম টেনিছ সন্থায়ো ইয়াৰ অধীনত হ’বলগীয়া ২৭ সংখ্যক আন্তঃজিলা টেনিছ প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন যোৰহাটত অহা ২৩ ৰ পৰা ২৫ এপ্ৰিললৈ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কৰোনাকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰে অসম টেনিছ সন্থাৰ সম্পাদক অঙ্কুশ দত্তই।

ইপিনে, অহা ১ মেত অনুষ্ঠিত হোৱাৰ কথা আছিল ৩১ সংখ্যক মিঃ শৰাইঘাট দেহশ্রী প্ৰতিযোগিতা। কিন্তু সোমবাৰে উক্ত প্ৰতিযোগিতাখনো স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এই কথা জানিবলৈ দিছে অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছোচিয়েছনৰ প্ৰাক্তন সম্পাদক ভৱজ্যোতি গোস্বামীয়ে।

এনেদৰেই এতিয়া পুনৰ কৰোনা মহামাৰীৰ কৰাল গ্ৰাসত পৰিছে আন আন ক্ষেত্ৰৰ লগতে ক্রীড়াক্ষেত্ৰখনো। ইপিনে, আজি অসম চৰকাৰে নতুন কৰোনা বিধি ঘোষণা কৰাৰ কথাও ঘোষণা কৰিছে। সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখিলে অতি শীঘ্ৰে ন’হলেও অদূৰ ভৱিষ্যতে সম্ভাব্য লকডাউনৰ কথাও অস্বীকাৰ কৰিব নোৱাৰি। তেনে পৰিৱেশত ৰাজ্যত পুনৰ শৰীৰচর্চা কেন্দ্ৰ তথা চুইমিং পুলসমূহ বন্ধ হোৱাৰ পৰিস্থিতিয়ো হয়তো আহি পৰিব পাৰে। তাকে লৈ এতিয়া পুনৰ চিন্তাত পৰা দেখা গৈছে ৰাজ্যৰ অসংখ্য জিম তথা ছুইমিং পুলৰ শ্বত্বাধিকাৰীসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *