Tuesday, October 4, 2022
HomeNewsমৰিয়নিত ব্যতিক্ৰমী ক্ৰিকেট টুৰ্ণামেণ্ট

মৰিয়নিত ব্যতিক্ৰমী ক্ৰিকেট টুৰ্ণামেণ্ট

মৰিয়নিৰ পৰা মনোজ বৰগোঁহাইৰ প্ৰতিবেদন

অসমৰ এখন সৰু সীমান্তৱৰ্তী মফচলীয় চহৰ মৰিয়নি । এই মৰিয়নিতে যোৱা ২২- ২৪ ফেব্ৰুৱাৰীত মৰিয়নি প্ৰেছ ক্লাবৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত এখন টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত হয়।ব্যতিক্ৰমী এইকাৰণেই যে অসমৰ জনজীৱনৰ অভিভাৱক স্বৰূপ অৰাজনৈতিক জাতীয় সংগঠনবিলাকৰ প্ৰতিনিধিৰে একোটাকৈ দল গঠন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অংশীদাৰ মৰিয়নি প্ৰেছ ক্লাবে এই ক্ৰিকেট খেলখনৰ আয়োজনেৰে সংগঠন বিলাকৰ মাজত এক ঐক্য আৰু ভাতৃত্ব ভাৱ জগাই তোলাৰ প্ৰয়াস কৰিছে । মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিগত বছৰৰ পৰা আৰম্ভ হোৱা এই টুৰ্ণামেণ্টখনত এই বছৰ নেতৃস্থানীয় জাতীয় সংগঠনক লৈ ১৪ টা দলে অংশগ্ৰহণ কৰে ।বৃহস্পতিবাৰে অনুস্থিত চূড়ান্ত খেলখনত সদৌ অসম টাই আহোম ছাত্ৰ সন্থা,মৰিয়নি আঞ্চলিক বনাম সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ,মৰিয়নি আঞ্চলিকৰ মাজত অনুস্থিত হয় ।চূড়ান্ত খেল খন উদ্ধোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি ৰূপে যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা দৈনিক জনমভূমি কাকতৰ আৱাসিক সম্পাদক দিগন্ত বুঢ়াগোহাঁই, তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া নৱনীতা শৰ্মা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালা, বাহনী চাহ বাগিছাৰ পৰিচালক মনোজ বৰগোহাঁই, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত গোহাঁই বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক তপন দাস আদি বহু বিশিষ্ট ব্যক্তিক চূড়ান্ত খেলৰ দুয়োটা দলৰ খেলুৱৈসকলৰ লগত চিনাকি কৰাই দিয়া হয় । বটা বিতৰণী অনুষ্ঠানত ক্ৰীড়া সংগঠক দিগন্ত বুঢ়াগোহাঁইয়ে খেলুৱৈসকলক টেনিছ বল ক্ৰিকেট খেলাৰ পৰিৱৰ্তে ডিউচ বল ক্ৰিকেট খেলিবলৈ আহ্বান জনায় । লগতে উদ্যোক্তাসকলক সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় । আটচাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই এনে এখন ব্যতিক্ৰমী ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ বাবে মৰিয়নি প্ৰেছ ক্লাবৰ শলাগ লয় । মৰিয়নি প্ৰেছ ক্লাৱৰ সম্পাদক দিব্যজ্যোতি শইকীয়াই আঁত ধৰা বটা বিতৰণী অনুষ্ঠানত ফাইনেলৰ ফাইনেলিষ্ট দল ‘আছা’ৰ মৰিয়নি আঞ্চলিকৰ দলক মৰিয়নি ৰাজহ চক্ৰ বিষয়া অসীম বৰগোহাঁই আৰু বাহনী চাহ বাগিছাৰ পৰিচালক মনোজ বৰগোহাঁইয়ে প্ৰাইজমানিসহ ট্ৰফী প্ৰদান কৰে । উত্তেজনাপূৰ্ণ চূড়ান্ত খেলৰ বিজয়ী ‘আটাছু’ মৰিয়নি আঞ্চলিক দলটিক প্ৰাইজমানিসহ বটা প্ৰদান কৰে ক্ৰীড়া সংগঠক দিগন্ত বুঢ়াগোহাঁই আৰু আটছাৰ সভাপতি ধীৰাজ গোৱালাই । ব্যতিক্ৰমী টুৰ্ণামেণ্টখনৰ ফেয়াৰ প্লে ট্ৰফী লাভ কৰে মৰিয়নি প্ৰেছ ক্লাব দলে । তিনিও দিনৰ খেলত যথেষ্ঠ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে টুৰ্ণামেণ্ট খনৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments