Sunday, October 2, 2022
HomeNewsওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মানস প্ৰতীম ক্ৰিকেটত নলবাৰীৰ বি কে চেলেঞ্জাৰৰ খিতাপ,শ্ৰেষ্ঠ...

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মানস প্ৰতীম ক্ৰিকেটত নলবাৰীৰ বি কে চেলেঞ্জাৰৰ খিতাপ,শ্ৰেষ্ঠ খেলুৱৈ যোগেন দাস

✍️ ওদালগুৰিৰ পৰা গৌতম জ্যোতি তালুকদাৰৰ প্ৰতিবেদন

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত চতুৰ্থ মানস প্ৰতীম দাস সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত বি কে চেলেঞ্জাৰ নলবাৰীয়ে হাৰিকেন ক্লাবে খিতাপ দখল কৰিছে । দেওবাৰে ফাইনেলত নলবাৰীৰ দলটোৱে তেজপুৰক ৪ উইকেটত পৰাস্ত কৰে । টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় তেজপুৰৰ হাৰিকেন ক্লাবে । ফলত তেজপুৰে নিৰ্দ্ধাৰিত ৩০ অভাৰত ৯ টা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত বি কে নলবাৰীয়ে বেট ধৰি ২৭ অভাৰত ২৬৫ ৰাণ সংগ্ৰহ কৰি বিজয়ীৰ সন্মান লাভ কৰে । চূড়ান্ত খেলত মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰে নিহাৰ ডেকা (নলবাৰী), বেষ্ট ফিল্ডাৰ অজয় দে (তেজপুৰ), শ্ৰেষ্ঠ খেলুৱৈ যোগেন দাস (তেজপুৰ), শ্ৰেষ্ঠ বলাৰ নিহাৰ ডেকা (নলবাৰী), শ্ৰেষ্ঠ বেটছমেন যোগেন দাস (তেজপুৰ), শ্ৰেষ্ঠ ফিল্ডাৰ উজ্জ্বল ডেকা (তেজপুৰ), ছেমি ফাইনেলৰ মেন অৱ দ্য মেচ নিবিৰ ডেকা (নলবাৰী) আৰু নাচিৰ আনচাৰী (তেজপুৰ) ।সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতোপন দাসে আতঁধৰা বঁটা বিতৰণী সভাত উপস্হিত থাকি অতিৰিক্ত উপায়ুক্ত চৈয়দ ৱাচবীৰ চুভানী, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ শৰ্মা, জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মন্টু কুমাৰ দাস, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰ, ওদালগুৰি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক মন্টু কুমাৰ তালুকদাৰ, সাংবাদিক গৌতম জ্যোতি তালুকদাৰ, গুণজিৎ দাস, জেনিথ ক্লাবৰ সম্পাদক প্ৰাঞ্জল ভদ্ৰ, দুৰ্বল দাস, কিৰণ দাস, প্ৰমোদ ৰাজবংশী আদিকে ধৰি কেইবাগৰাকীও আমন্ত্ৰিত ব্যক্তি আৰু দাতাসকলে বিজয়ী, ফাইনেলিষ্ট, শ্ৰেষ্ঠ খেলুৱৈসকলক বঁটাসমূহ প্ৰদান কৰে । বঁটা বিতৰণৰ পাছত অসম সংগীতেৰে খেলৰ সামৰণি পৰে । সভাত অতিৰিক্ত উপায়ুক্ত চৈয়দ ৱাচবীৰ চুভানী আৰু অধ্যক্ষ পুষ্পধৰ শৰ্মাই ভাষণ দি শৈক্ষিক দিশৰ সৈতে জড়িত হৈও ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোত খেলাৰ পৰিবেশ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments