Tuesday, October 4, 2022
HomeNewsমদ্যপান কৰি গাড়ী চলাই বিৰ্তকত ভাৰতৰ এগৰাকী ক্ৰিকেটৰ মহাৰথী !

মদ্যপান কৰি গাড়ী চলাই বিৰ্তকত ভাৰতৰ এগৰাকী ক্ৰিকেটৰ মহাৰথী !

অলিম্পিয়া প্ৰতিবেদন

পুনৰ বিতৰ্কত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ । মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে বিতৰ্কত সোমাই পৰিছে ভদ্ৰলোকৰ খেল বুলি কোৱা ক্ৰিকেটৰ মহাৰথীজন । এসময়ত ক্ৰিকেটৰ মহা তাৰকা শচীন টেণ্ডুলকাৰৰ লগত সমানে ধৰিছিল বেট । নিচাসক্ত অৱস্থাত গাড়ী চলাই যাওতে অন্য এখন গাড়ীৰ সৈতে সংঘৰ্ষ হোৱাৰ অপৰাধত বান্দ্ৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে তেওঁক । ক্ৰিকেটাৰ জনৰ নাম হৈছে বিনোদ কাম্বলি । দুটা দ্বিশতক, এটা শতক আৰু তিনিটা অৰ্ধশতকেৰে ১৭ খন ষ্টেটত ১০৮৪ ৰাণ কৰিবলৈ সক্ষম হোৱা ক্ৰিকেটাৰ জন পুনৰ সোমাইছে বিতৰ্কত । পূৰ্বতে বেংকৰ কে ৱাই চি অৰ্থাৎ ‘ন ইয়ৰ কাষ্টমাৰ’ সম্পৰ্কীয় অভিযোগত বিতৰ্কত সোমাইছিল কাম্বলি ।
১০৪ খন এদিনীয়া ক্ৰিকেটত দুটা শতক আৰু ১৪ টা অৰ্ধ শতকেৰে সৰ্বমুঠ ২৪৭৭ ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰজনৰ এনে ৰূপ দেখি এতিয়া স্তম্ভিত সমগ্র ক্ৰিকেটপ্ৰেমী । ঘটনাৰ পাছতে নিজা কমপ্লেক্সৰ কেইবাজনো বাসিন্দা আৰু নিৰাপত্তাৰক্ষীক অভদ্র ব্যবহাৰ কৰাৰো অভিযোগ আনিছে ক্ৰিকেটাৰজনৰ বিৰুদ্ধে । দেশক প্ৰতিনিধিত্ব কৰা এজন খেলুৱৈৰ এনে আচৰণ কিমান গ্ৰহণযোগ্য , এই কথাক লৈ এতিয়া চিন্তিত ক্ৰীড়াপ্ৰেমী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments