Sunday, October 2, 2022
HomeNewsএ.এন.কিড'ৱাই ট্ৰফী ক্ৰিকেট,অম্লান গোষ্ঠীৰ জয়

এ.এন.কিড’ৱাই ট্ৰফী ক্ৰিকেট,অম্লান গোষ্ঠীৰ জয়

✍️ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা এ এন কিড’ৱাই ট্ৰফী আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ ক্লাষ্টাৰ-টু (২)ৰ গ্ৰুপ ‘বি’ৰ সোমবাৰৰ এখন খেলত অম্লান গোষ্ঠীয়ে নগাঁও ৰাজস্থানী যুৱক সংঘ (এন আৰ ৱাই এছ)ক ৫৬ ৰাণত সহজেই হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জনৰে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে ।খেলখনত অম্লান গোষ্ঠীয়ে পোনতে বেট ধৰি অধিনায়ক নয়ন বৰাৰ-২৮, অংকুৰ বৰাৰ-২৮, জয়ন্ত মাধৱ বৰাৰ-২১, মনদীপ চাংমাইৰ-২১, ধৰণী বৰদলৈৰ-১৭, ইশান দাসৰ-১৫ আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ-১৩ ৰাণৰ অৱদানৰে ৩২.৫ অভাৰত সকলোকেইটা উইকেটৰ বিনিময়ত-১৬৬ ৰাণ সংগ্ৰহ কৰে । বলিঙত নগাঁও ৰাজস্থানী যুৱক সংঘৰহৈ মুকেশ আগৰৱালা আৰু নবীন কুমাৰ শৰ্মাই তিনিটাকৈ, শুভম বালাযুৰীয়াই দুটা, হৰ্ষ কুমাৰ জৈন চ’ৰৰিয়া আৰু আনন্দ শৰ্মাই এটাকৈ উইকেট পায় ।প্ৰত্যুত্তৰত নগাঁও ৰাজস্থানী যুৱক সংঘ দলটোৱে হৰ্ষ কুমাৰ জৈন চ’ৰৰিয়াৰ-৩৮ আৰু কে ডি শৰ্মাৰ-২০ ৰাণৰ উল্লেখনীয় বৰঙণি সত্ত্বেও ২৬.২ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ১১০ ৰাণহে কৰিবলৈ সক্ষম হয় ।বলিঙত অম্লান গোষ্ঠীৰহৈ নয়ন বৰাই চাৰিটা, ভাস্কৰজ্যোতি হাজৰিকাই তিনিটা, লৱজ্যোতি কলিতাই দুটা আৰু জয়ন্ত মাধৱ বৰাই এটা উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments