Tuesday, October 4, 2022
HomeNewsএ.এন.কিড'ৱাই ট্ৰফী ক্ৰিকেটত বঢ়মপুৰ স্প'ৰ্টছ ক্লাবৰ জয়

এ.এন.কিড’ৱাই ট্ৰফী ক্ৰিকেটত বঢ়মপুৰ স্প’ৰ্টছ ক্লাবৰ জয়

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা এ.এন.কিড’ৱাই ট্ৰফী আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ ক্লাষ্টাৰ-টু (২)ৰ গ্ৰুপ’এ’ৰ মঙলবাৰে এখন খেলত বঢ়মপুৰ স্প’ৰ্টছ ক্লাবে পলাইট ক্লাবক ৭২ ৰাণত সহজেই পৰাজিত কৰে । খেলখনত বঢ়মপুৰ স্প’ৰ্টছ ক্লাবে টছত জিকি পোনতে বেট ধৰি মনোজ পাটৰৰ-৪৫, আৰ্চিক ডেকাৰ-১৮ আৰু ৰাজদ্বীপ বি.ৰ-১২ ৰাণৰ উল্লেখনীয় অৱদানৰে ৩০.২ অভাৰত সকলোকেইটা উইকেটৰ বিনিময়ত ১৪১ৰাণ সংগ্ৰহ কৰে । বলিঙত পলাইটৰহৈ সুৰজিত আইচে পাঁচটা, কানহাইয়ালালে দুটা,জুন্না আজম আৰু মনোহৰ ৰায়ে এটাকৈ উইকেট পায় । প্ৰত্যুত্তৰত পলাইট ক্লাবে সুৰজিত আইচৰ-১৬, প্ৰেম কুমাৰ দাসৰ-১১ আৰু মনোহৰ ৰায়ৰো-১১ ৰাণৰ উল্লেখনীয় বৰঙণি সত্ত্বেও ২০.৩ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ৬৯ ৰাণহে কৰিবলৈ সক্ষম হয় ।বলিঙত বঢ়মপুৰ স্প’ৰ্টছ ক্লাবৰহৈ সঞ্জয় ৰয়, চাণক্য দত্ত, আকাশ বৰা, ৰাজদ্বীপ বি. আৰু কমল সিংহই দুটাকৈ উইকেট দখল কৰে । খেলখনত দুলাল আহমেদ আৰু ইয়াচিনুল হক আম্পায়াৰৰূপে আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments