Monday, October 3, 2022
HomeNewsএ.এন.কিড'ৱাই ট্ৰফী ক্ৰিকেটত ভাইকিংছ ক্লাব ফাইনেলত

এ.এন.কিড’ৱাই ট্ৰফী ক্ৰিকেটত ভাইকিংছ ক্লাব ফাইনেলত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত পূৰ্ণগতিত চলি থকা এ.এন.কিড’ৱাই ট্ৰফী আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ ক্লাষ্টাৰ-টু (২)ৰ শুক্ৰবাৰে প্ৰথমখন ছেমি ফাইনেলত ভাইকিংছ ক্লাবে বগৰিগুৰি এডভাঞ্চ একাডেমীক ৩ উইকেটত হৰুৱাই ফাইনেলত উপনীত হৈছে । খেলখনত বগৰিগুৰি এডভাঞ্চ একাডেমীয়ে টছত জিকি পোনতে বেট ধৰি নাহৰৰ-২৫, ইকবাল আহমেদৰ-২২, মোচাৰফ আলমৰ-১৩ আৰু ৰিজৱানুৰ ৰহমানৰো-১৩ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ২৩.৩ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ১০৯ ৰাণ সংগ্ৰহ কৰে । বলিঙত ভাইকিংছ ক্লাবৰহৈ বেদব্ৰত দাস আৰু অভিষেক গুপ্তাই তিনিটাকৈ, মৃদুল দাসে দুটা, অমন হুছেইন আৰু ভাৰ্গৱ শ্যামলে এটাকৈ উইকেট দখল কৰে ।প্ৰত্যুত্তৰত ভাইকিংছ ক্লাবে বেট ধৰি অৰ্পণ কাশ্যপৰ-২৮, উইকেটৰক্ষক ভূৱন দাসৰ-২৪, লোকজিৎ গোস্বামীৰ-২৩ আৰু অভিষেক গুপ্তাৰ অপৰাজিত-১৬ ৰাণৰ উল্লেখনীয় অৱদানৰে ২২.৪ অভাৰত সাতটা উইকেটৰ বিনিময়ত ১১১ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । বলিঙত বগৰিগুৰি এডভাঞ্চ একাডেমীৰহৈ ইকবাল আহমেদ আৰু মোচাৰফ আলমে তিনিটাকৈ উইকেট পায় । নবীন কালৱাৰ আৰু জেহিৰুল ইছলাম খেলখনত আম্পায়াৰৰূপে আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments