Tuesday, October 4, 2022
HomeNewsআন্তঃক্লাব ক্রিকেটত গুৱাহাটী টাউন ক্লাব, চিটি ক্ৰিকেটৰ জয়

আন্তঃক্লাব ক্রিকেটত গুৱাহাটী টাউন ক্লাব, চিটি ক্ৰিকেটৰ জয়

অলিম্পিয়া প্ৰতিবেদন

নেহৰু ষ্টেডিয়ামত চলি থকা গোলাপ, আৰতি হাজৰিকা,শৰৎ কলিতা সোঁৱৰণি ষষ্ঠ আন্তঃক্লাব ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম মেচত শুকুৰবাৰে গুৱাহাটী টাউন ক্লাবে জয়লাভ কৰিছে । দলটোৱে শান্তিপুৰ এথলেটিক ক্লাবক ২৬ ৰাণত পৰাস্ত কৰে । গুৱাহাটী টাউন ক্লাবে প্ৰথমে বেট ধৰি প্ৰদ্যুন শ‌ইকীয়াৰ ৮৪ ৰাণৰ সহায়ত ১৭ অভাৰত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫৫ ৰাণ । প্ৰতিপক্ষৰ ৰিঅ’ প্ৰমাণিকে ৩ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত শান্তিপুৰ ক্ৰিকেট ক্লাবে ১৬.২ অভাৰত সকলো উইকেট হেৰুৱাই ১৩৭ ৰাণহে কৰিবলৈ সক্ষম হয় । বলিঙত বিজয়ী দলৰ আনন্দ শৰ্মাই ৪ টা উইকেট লাভ কৰে । প্ৰদ্যুন শইকীয়াই লাভ কৰে মেন অৱ দ্য মেচৰ ট্ৰফী । ইফালে দ্বিতীয় মেচত চিটি ক্রিকেট ক্লাবে ৯ উইকেটত ৱাৰিয়াৰ্ছ ক্লাবক পৰাস্ত কৰে । ৱাৰিয়াৰ্ছ ক্লাবে ১৫.১ অভাৰত ৬০ ৰাণতে ইনিংছ সামৰে । বলিঙত অভিজোত সিং সিদ্ধুৱে ৬ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰি মেন অৱ দ্য মেচ ট্ৰফী অৰ্জন কৰে । ইয়াৰ বিপৰীতে চিটি ক্ৰিকেট ক্লাবে ৮ অভাৰত মাত্ৰ ১ টা উইকেট হেৰুৱাই কৰে ৬১ ৰাণ । দলৰ ৰাহুল হাজৰিকাই ১৭ টা বলত ২১ ৰাণ আৰু মানস গগৈয়ে ২০ টা বলত অপৰাজিত ২১ ৰাণ কৰিবলৈ সক্ষম হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments