জন্মস্থানতে এটা ইনিংছত দহটা উইকেট দখল কৰি ইতিহাস ৰচিলে এজাজ পেটেলে

অলিম্পিয়া প্ৰতিবেদন

মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত শনিবাৰে এক ইতিহাস গঢ়িলে নিউজিলেণ্ডৰ বাওঁহতীয়া স্পিনাৰ এজাজ পেটেলে । শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ভাৰত -নিউজিলেণ্ডৰ দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনা ভাৰতে সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩২৫ ৰান । এইটো ইনিংছত দহোটা উইকেটৰ দহটা উইকেট ১১৯ ৰানৰ বিনিময়ত লাভ কৰে এজাজ পেটেলে । ইয়াৰ লগে লগে তেওঁ হৈ পৰে বিশ্ব ক্ৰিকেটত একেটা ইনিংছত দহটা উইকেট দখল কৰা তৃতীয় গৰাকী বলাৰ । লক্ষণীয়ভাবে মুম্বাইতে জন্ম গ্ৰহণ কৰা এজাজে মাত্ৰ ৮ বছৰ বয়সতে পিতৃ-মাতৃৰ সৈতে নিউজিলেণ্ডলৈ গৈছিল । ইয়াৰ পূৰ্বে ১৯৫৬ ত ইংলেণ্ডৰ জিম লেকাৰে অল্ড ট্ৰেফৰ্ড টেষ্টৰ এটা ইনিংছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৩ ৰান ব্যয় কৰি দহটা উইকেট লাভ কৰিছিল। ১৯৯৯ ত পাকিস্তানৰ বিৰুদ্ধে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ( বৰ্তমানৰ অৰুণ জেটলি ) ষ্টেডিয়ামত ৭৪ ৰানৰ বিনিময়ত এই কৃতিত্ব গঢ়িছিল ভাৰতৰ অনিল কুম্বলেই । স্পীনাৰৰ সহায়ক মেচখনত ভাৰতৰ ত্ৰিশতাধিক ৰাণৰ প্ৰত্যুত্তৰত নিউজিলেণ্ড দলে মাত্ৰ ৬২ ৰাণতে প্ৰথম ইনিংছৰ সামৰণি মাৰি আন এক অপ্ৰত্যাশিত অৱস্হাৰ সন্মুখীন হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *