Friday, September 30, 2022
HomeNewsএ এন কিড'ৱাই ট্ৰফী ক্ৰিকেট (ক্লাষ্টাৰ-থ্ৰি)ত প্ৰৱাহ গোষ্ঠী চেম্পিয়ন

এ এন কিড’ৱাই ট্ৰফী ক্ৰিকেট (ক্লাষ্টাৰ-থ্ৰি)ত প্ৰৱাহ গোষ্ঠী চেম্পিয়ন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত সদ্যসমাপ্ত এ.এন.কিড’ৱাই ট্ৰফী আন্তঃক্লাব ক্ৰিকেট (ক্লাষ্টাৰ-থ্ৰি) লীগত প্ৰৱাহ গোষ্ঠীয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ।ৰাউণ্ড ৰবীন লীগ পদ্ধতিত অনুষ্ঠিত এই লীগত প্ৰৱাহ গোষ্ঠী, থ্ৰী ষ্টাৰ ক্লাব আৰু নোৱেভা ক্লাবে তিনিখনকৈ খেলত বিজয় সাব্যস্তৰে সমানসংখ্যক পইণ্ট লাভ কৰিছিল যদিও উন্নত গড় ৰাণৰ ভিত্তিত লীগ তালিকাত প্ৰৱাহ গোষ্ঠীয়ে প্ৰথমস্থান, নোৱেভাই দ্বিতীয় আৰু থ্ৰী ষ্টাৰে তৃতীয়স্থানত অৱস্থান কৰে । বুধবাৰে অন্তিমদিনাৰ খেল দুখনৰ এখনত প্ৰৱাহ গোষ্ঠীয়ে কনকুৰছ ক্লাবক ৯৯ ৰাণত আৰু নোৱেভা ক্লাবে থ্ৰী ষ্টাৰ ক্লাবক ৪ ৰাণত পৰাজিত কৰে ।ইয়াৰে প্ৰথমখন খেলত প্ৰৱাহ গোষ্ঠীয়ে পোনতে বেট ধৰি ২০ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৫৪ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত কনকুৰছ ক্লাবে ১১.৩ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৫ ৰাণহে কৰিবলৈ সক্ষম হয় । আনখন ৰোমাঞ্চকৰ খেলত নোৱেভা ক্লাবে পোনতে বেট ধৰি ২০ অভাৰত নটা উইকেটৰ বিনিময়ত ১১৬ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত থ্ৰী ষ্টাৰ ক্লাবে সঞ্জীৱ বৰাৰ-২০ আৰু দীপজ্যোতি শইকীয়াৰো-২০ ৰাণৰ উল্লেখনীয় অৱদান সত্ত্বেও ২০ অভাৰত সাতটা উইকেট হেৰুৱাই ১১২ ৰাণতে ইনিংছ সামৰে । লীগৰ অন্তত সামৰণি অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ উপ সভাপতি প্ৰশান্ত কুমাৰ বৰা, সাধাৰণ সম্পাদক প্লাৱন বৰুৱা, যুটীয়া সম্পাদক অসীম ভাৱাল, সহকাৰী সম্পাদক সমীৰ হাজৰিকা, কোষাধ্যক্ষ ৰমেশ আগৰৱালা, ক্ৰিকেট শাখাৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকা, টেবুল টেনিছ শাখাৰ সম্পাদক দেৱজিত দাস আৰু কাৰ্যকৰী সদস্য দেৱজ্যোতি গোস্বামী আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে ।এ এন কিড’ৱাই ট্ৰফীৰ ক্লাষ্টাৰ-‘থ্ৰি’ত ঘাঁহীৰ থ্ৰি ষ্টাৰ ক্লাবৰ দীপজ্যোতি শইকীয়া মেন অব দ্য চিৰিজৰূপে পৰিগণিত হয় । এই খেল দুখনত জয়ন্ত ৰংপি আৰু ইয়াচিনুল হক আম্পায়াৰৰূপে আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments