Monday, October 3, 2022
HomeNewsজাগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফী : তেজপুৰ টাউন ক্লাব, ৰয়েল গ্লোবেলৰ...

জাগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফী : তেজপুৰ টাউন ক্লাব, ৰয়েল গ্লোবেলৰ জয়

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২২ য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ প্ৰথম মেচত তেজপুৰ টাউন ক্লাবে চানমাৰী ক্ৰিকেট ক্লাবক ১০৭ ৰাণত পৰাস্ত কৰে । তেজপুৰে ৬ উইকেটত কৰে ১৬৪ ৰাণ । দলৰ বাস্তৱ বসুমতাৰীয়ে অপৰাজিত ৭৭ আৰু অনুৰাগ দাসে ৫৭ ৰাণ কৰে । প্ৰত্যুত্তৰত চানমাৰীয়ে ১২.৪ অভাৰত মাত্ৰ ৫৭ ৰাণতে ইনিংছ সামৰে । প্ৰতিপক্ষৰ ৰফিক আলিয়ে ৫ টা আৰু ৰিকী দাসে ৩ টা উইকেট দখল কৰে । বাস্তৱ বসুমতাৰীয়ে লাভ কৰে মেন অৱ দ্য মেচ ট্ৰফী । দ্বিতীয় মেচত ৰয়েল গ্লোবেল একাডেমীয়ে ৪১ ৰাণত পৰাস্ত কৰে স্পুটনিক ক্লাবক । ৰয়েল গ্লোবেলে ডানিছ আহমেদৰ অপৰাজিত ৪৯ আৰু হাবিবুল্লাহৰ ৩১ ৰাণৰ সহায়ত ৭ উইকেটত সংগ্ৰহ কৰে ১৪৬ ৰাণ । প্ৰত্যুত্তৰত স্পুটনিকে সন্তোষৰ ৩৭ আৰু সৱৰজিত দাসৰ ৩০ ৰাণ সত্ত্বেও ৯ উইকেটত ১০৫ ৰাণহে কৰে । বিজয়ী দলৰ ঋষভ দীপকে ১২ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰি মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰে । শুকুৰবাৰে কে এইছ কহিনুৰে স্পুটনিক ক্লাব আৰু মঙ্গলদৈ টাউন ক্লাবে তেজপুৰ টাউন ক্লাবৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments