Tuesday, October 4, 2022
HomeNewsজগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতউই আৰ নৰ্থ-ইষ্ট, ৰঙিয়াৰ জয়

জগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতউই আৰ নৰ্থ-ইষ্ট, ৰঙিয়াৰ জয়

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২২ য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ শনিবাৰৰ প্ৰথম মেচত উই আৰ নৰ্থ-ইষ্ট দলে গুঞ্জনজ্যোতি মিলন সংঘক ১৩০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে । নৰ্থ-ইষ্ট দলে ৬ উইকেটত কৰে ২১০ ৰাণ । দলৰ জিতু আলীয়ে ৫১ আৰু ধ্ৰুৱৰাজ বৰাই অপৰাজিত ৪৭ ৰাণ কৰে । প্ৰত্যুত্তৰত মিলন সংঘ‌ই ৰাজ পাঠকৰ ১৬ ৰাণ সত্ত্বেও ১৮.৪ অভাৰত ৮০ ৰাণহে কৰে । বলিঙত সোণদীপ ৰাভাই ৩ টা উইকেট দখল কৰে। বিজয়ী দলৰ হৈ অপৰাজিত ৩৪ ৰাণ আৰু ২ টা উইকেট দখল কৰা আয়ুষ্মান মালাকাৰক মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী দিয়া হয় । দ্বিতীয় মেচত
ৰঙিয়া ক্ৰিকেট সন্থাই ৬ ৰাণত পৰাস্ত কৰে আয়োজক ২২ য়াৰ্ডছ গ্ল’ৰী দলক । ৰঙিয়াই ৩ উইকেটত কৰে ১৬৪ ৰাণ । দলৰ সৌম্যদীপ দাস আৰু নীলাভ শৰ্মাই ক্ৰমে ৭৮ আৰু ৪০ ৰাণ কৰে । প্ৰত্যুত্তৰত আয়োজক দলটোৱে বিটপ মহন্তৰ ৪৬ আৰু প্ৰশান্ত সোণোৱালৰ ৩৫ ৰাণ সত্ত্বেও ৮ উইকেটত ১৫৮ ৰাণতে থমকি ৰয় । সৌম্যদীপে লাভ কৰে মেন অৱ দ্য মেচ ট্ৰফী । দেওবাৰে চানমাৰী ক্ৰিকেট ক্লাবে মঙলদৈ টাউন ক্লাব আৰু জেনিথ ক্লাবে আয়োজক ২২ য়াৰ্ডছ গ্ল’ৰীৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments