Tuesday, October 4, 2022
HomeNewsজগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীৰ ফাইনেলত বাড, তেজপুৰৰো জয়

জগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীৰ ফাইনেলত বাড, তেজপুৰৰো জয়

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত পূৰ্ণগতিত চলি আছে জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২২ য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ শুক্ৰবাৰৰ প্রথম মেচত তেজপুৰৰ বি ডি এম টি চি চি চি দলে উই আৰ নৰ্থ-ইষ্ট দলক ৬৬ ৰাণত পৰাস্ত কৰে | তেজপুৰ দলে ৪ উইকেটত কৰে ১৬৫ ৰাণ | দলৰ দিপ্টেশ সাহাই ৪৭, ৰাহুল হাজৰিকাই ৩২ আৰু ৰাজাকুউদ্দিন আহমেদে ৩০ ৰাণ কৰে । প্রত্যুত্তৰত উই আৰ নৰ্থ-ইষ্ট দলে ৯৯ ৰাণতে ইনিংছ সামৰে । দলৰ জিতু আলী আৰু ধ্ৰুবৰাজ বৰাৰ বেটৰ পৰা আহে ক্ৰমে ২৮ আৰু ২০ ৰাণ | বিজয়ী দলৰ ৰাজাকুউদ্দিন আহমেদে ৪ টা উইকেট দখল কৰি প্রভাৱতী দেবী সোঁৱৰণী মেন অব দ্য মেচ ট্ৰফী লাভ কৰে | ইফালে বিয়লি প্রথমখন ছেমি ফাইনেলত বাড ক্ৰিকেট ক্লাবে ৰয়েল গ্লোবেল একাডেমীক মাত্র ১ ৰাণত পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে | বাডে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটত ১৪২ ৰাণ কৰে । দলৰ অমিত সিনহাই ৩৭ ৰাণৰ বৰঙণি যোগায় । বিপক্ষৰ আনন্দ শৰ্মাই লাভ কৰে ৩ টা উইকেট । প্রত্যুত্তৰত ৰয়েল গ্লোবেলে ৭ উইকেটত ১৪১ ৰাণ কৰি পৰাস্ত হয় | দলৰ অৰ্পিত ভাতেৱাৰাই ৪৪, আনন্দ শৰ্মাই ২৬ আৰু কুকিল গগৈয়ে ২৫ ৰাণ কৰে । ২২ ব্যয় কৰি ২ টা উইকেট দখল কৰা প্রীতম দাসে মেন অব দ্য মেচ ট্রফী লাভ কৰে | শনিবাৰে দ্বিতীয়খন ছেমি ফাইনেলত তেজপুৰৰ দলটোৱে ৰিভাৰ ৰাইন ক্লাবৰ বিৰুদ্ধে খেলিব |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments