Tuesday, October 4, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট ,ধৰমতুল আঞ্চলিক ক্ৰিকেট ক্লাবৰ অগ্ৰগতি

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট ,ধৰমতুল আঞ্চলিক ক্ৰিকেট ক্লাবৰ অগ্ৰগতি

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়াম (হাইস্কুল খেলপথাৰ)ত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত ধৰমতুল আঞ্চলিক ক্ৰিকেট ক্লাবে অগ্ৰগতি লাভ কৰিছে। শুক্ৰবাৰৰ খেলত ধৰমতুল আঞ্চলিক ক্ৰিকেট ক্লাবে ডাঙৰীয়াগাঁও বগৰীবাৰী আঞ্চলিক ক্ৰিকেট দলক সহজেই ১০ উইকেটত পৰাজিত কৰে । খেলখনত ডাঙৰীয়াগাঁও বগৰীবাৰী আঞ্চলিক ক্ৰিকেট দলে পোনতে বেট ধৰি আটাবুৰ ৰহমানৰ-২৪ আৰু ৰিংকু আহমেদৰ-২১ৰাণৰ উল্লেখনীয় বৰঙণিৰে ১৫ অভাৰত চাৰিটা উইকেট হেৰুৱাই মাত্ৰ ৯০ ৰাণ সংগ্ৰহ কৰে । বলিঙত ধৰমতুল আঞ্চলিক ক্ৰিকেট ক্লাবৰহৈ হৰি,জান মাণ্টা,অমিত চন্দ্ৰ কোঁৱৰ আৰু বাবু ডেকাই এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত ধৰমতুল আঞ্চলিক ক্ৰিকেট ক্লাবে সুমন শইকীয়াৰ অপৰাজিত-৬২ আৰু অমিত চন্দ্ৰ কোঁৱৰৰ অপৰাজিত-২৮ৰাণৰ উল্লেখনীয় অৱদানৰে ৫.২ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে ৯১ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্যত উপনীত হয় । শনিবাৰৰ খেলত শলমাৰী মিকিৰগাঁও যুৱক সংঘই মৰিগাঁৱৰ ৰেকিব ইলেভেনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি আয়োজক সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments