Sunday, October 2, 2022
HomeNewsনৱ প্ৰজন্মক ক্ৰিকেটৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্য ,খৌৰামদাও ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষ...

নৱ প্ৰজন্মক ক্ৰিকেটৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্য ,খৌৰামদাও ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষ পদক্ষেপ

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

চিৰাং জিলাৰ অন্তৰ্গত ঢালিগাঁওস্থিত খৌৰমদাও ক্লাবৰ উদ্যোগত প্ৰায়‌ ১২- ১৩ বছৰ আগতে এটি শক্তিশালী‌ ক্ৰিকেট দল গঠন কৰা হৈছিল ।‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌ দলটোৱে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।
কিন্তু পৰৱৰ্তী সময়ত নানা ঘাত- প্ৰতিঘাতৰ মাজত দলটো নিশ্চিহ্ন হৈ গ’ল । সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় ক্ৰিকেট খেলক পুনৰ উজ্জীৱিত কৰাৰ বাবে খৌৰামদাও ক্লাবে এই বছৰৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ক্লাবটোৱে চিৰাং জিলা ক্ৰিকেট সন্থাৰ সহযোগত ইতিমধ্যে ‌‌‍এটি ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি প্ৰশিক্ষণ আৰম্ভ কৰিছে । বিশেষকৈ ছয় বছৰৰ ঊৰ্দ্ধৰ‌‌ শিশু তথা কিশোৰসকলক উচ্চ মানৰ প্ৰশিক্ষণৰ জৰিয়তে ক্ৰীড়া প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰাটোৱেই প্ৰশিক্ষণ কেন্দ্ৰটোৰ মূল লক্ষ্য । এই কণ-কণ প্ৰশিক্ষাৰ্থীসকলক ক্ৰিকেট খেলৰ নীতি-নিয়মৰ সম্যক ধাৰণা দিয়াৰ লগতে খেলাৰ কৌশলৰ জ্ঞান দিয়াৰ উদ্দেশ্যে শনিবাৰে এখন বন্ধুত্বপূৰ্ণ ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয় । খেলৰ আৰম্ভণিতে খেলুৱৈসকলক চিৰাং জিলা ক্ৰিকেট সন্থাৰ উপদেষ্টা দুৰ্লভ তালুকদাৰ,‌‌‌ সহকাৰী‌ সম্পাদক কৃষ্ণানন্দ ব্ৰহ্ম, প্ৰাক্তন ক্ৰিকেটাৰ সৌমিক দত্ত, মৃণাল পাঠকৰ লগত খেলুৱৈসকলক পৰিচয় কৰাই দিয়া হয় । প্ৰতিদ্বন্দিতাপূৰ্ণ খেলখনত ‘এ’ দলে ‌‌‌’বি’ দলক মাত্ৰ ১ ৰাণত পৰাজিত কৰে । টছত জিকি প্ৰথমে বেটিং কৰি ‘এ’ দলে নিৰ্দ্ধাৰিত ১৫ অভাৰত ৯ উইকেট হেৰুৱাই ১৫২ ৰাণ কৰে ।দলৰ হৈ কেপ্টেইন সৌনক দত্তই সৰ্বাধিক ৭০ ( অপৰাজিত) ৰাণ আৰু প্ৰতীক (পাপু) বায়নে‌‌ ২২ ৰাণৰ অৰিহণা যোগায়। প্ৰত্যুত্তৰত ‘বি’ দলে অংকুশৰ ৬৪ ৰাণৰ সহায়ত ৯ উইকেট হেৰুৱাই ১৫১ ৰাণ কৰে । ‘বি’ দলৰ কেপ্টেইন স্বপ্নীল তালুকদাৰে ৩ টাকৈ দখল কৰাৰ লগতে ১৪ ৰাণৰ বৰঙণি যোগায় । ঢালিগাঁও অঞ্চলত এনেদৰে এক ক্ৰীড়াৰ সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা খৌৰামদাও ক্ৰিকেট কোচিং চেণ্টাৰৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ শলাগ লয় স্থানীয় সচেতন ৰাইজে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments