Sunday, October 2, 2022
HomeNewsএ এন কিড'ৱাই ট্ৰফী ক্ৰিকেট:ৰাজস্থানী যুৱক সংঘৰ সহজ জয়

এ এন কিড’ৱাই ট্ৰফী ক্ৰিকেট:ৰাজস্থানী যুৱক সংঘৰ সহজ জয়

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত পূৰ্ণগতিত চলি থকা এ এন কিড’ৱাই ট্ৰফী আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ ক্লাষ্টাৰ-টু (২)ৰ গ্ৰুপ’বি’ৰ বৃহস্পতিবাৰে এখন খেলত নগাঁও ৰাজস্থানী যুৱক সংঘ (এন.আৰ.ৱাই.এছ) ই সঞ্জীৱন সমাজক -৭৬ ৰাণত সহজেই হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে । খেলখনত নগাঁও ৰাজস্থানী যুৱক সংঘই টছত জিকি পোনতে বেট ধৰি হৰ্ষ কুমাৰ জৈনৰ-৫২, শুভম আগৰৱালাৰ-১৯ আৰু এন.ভাৰিচৰ ১৬ ৰাণৰ উল্লেখনীয় অৱদানৰে ২৮.১অভাৰত সকলোকেইটা উইকেটৰ বিনিময়ত ১৫২ ৰাণ সংগ্ৰহ কৰে । বলিঙত সঞ্জীৱন সমাজৰহৈ নিকু বৰাই চাৰিটা, মোহিত বৰা আৰু ইজাজ আহমেদে দুটাকৈ, দীপ বৰা তথা ৰাজীৱ বৰাই এটাকৈ উইকেট পায় । প্ৰত্যুত্তৰত সঞ্জীৱন সমাজে বেট ধৰি চাজিব খানৰ-৩১ৰাণ সত্ত্বেও ২১.১ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই মাত্ৰ ৭৬ৰাণহে কৰিবলৈ সক্ষম হয় ।বলিঙত নগাঁও ৰাজস্থানী যুৱক সংঘৰহৈ গৌতম চৰাচ’ৰিয়াই পাঁচটা, বিকাশ চৰাচ’ৰিয়াই দুটা, হৰ্ষ কুমাৰ জৈন, শুভম আৰু নৱীন কুমাৰ শৰ্মাই এটাকৈ উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments