Wednesday, October 5, 2022
HomeNewsএ এন কিড'ৱাই ট্ৰফী ক্ৰিকেটত অম্লান গোষ্ঠীৰ জয়

এ এন কিড’ৱাই ট্ৰফী ক্ৰিকেটত অম্লান গোষ্ঠীৰ জয়

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত পূৰ্ণগতিত চলি থকা এ এন কিড’ৱাই ট্ৰফী আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ ক্লাষ্টাৰ-টু (২)ৰ গ্ৰুপ’বি’ৰ শুক্ৰবাৰে এখন গুৰুত্বপূৰ্ণ খেলত অম্লান গোষ্ঠীয়ে বগৰিগুৰি এডভাঞ্চ একাডেমীক ৪ উইকেটত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে । খেলখনত বগৰিগুৰি এডভাঞ্চ একাডেমীয়ে ফাইজুল ইছলামৰ-৩০, মোচাৰফ আলমৰ অপৰাজিত-২৬ আৰু ইনানুল হকৰ-১৪ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ২৮.২ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ১২৯ ৰাণ সংগ্ৰহ কৰে । বলিঙত অম্লান গোষ্ঠীৰহৈ নয়ন বৰাই চাৰিটা, লৱজ্যোতি কলিতাই তিনিটা আৰু অংকুৰে দুটা উইকেট দখল কৰে । প্ৰত্যুত্তৰত অম্লান গোষ্ঠীয়ে জয়ন্ত মাধৱ বৰাৰ-৫৬ ,মনদ্বীপ চাংমাইৰ-১৪, সুমন শইকীয়াৰ-১৩ আৰু নয়ন বৰাৰ অপৰাজিত-১০ ৰাণৰ অৱদানৰে ২৩ অভাৰত ৬ টা উইকেটৰ বিনিময়ত -১৩১ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । বলিঙত বগৰিগুৰি এডভাঞ্চ একাডেমীৰহৈ ৰিজোৱানুৰ ৰহমানে তিনিটা, নাহৰ, নাজিউল্লাহ আহমেদ আৰু ইনানুল হকে এটাকৈ উইকেট পায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments