Monday, October 3, 2022
HomeNewsঅসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট মধ্য অসম মণ্ডলত কলিয়াবৰ নিউ ষ্টাৰ আৰু বোকাখাট...

অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট মধ্য অসম মণ্ডলত কলিয়াবৰ নিউ ষ্টাৰ আৰু বোকাখাট টাউন ক্ৰিকেট ক্লাবৰ জয়

দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ মধ্য অসম মণ্ডলৰ বুধবাৰে নগাঁৱৰ খেলত কলিয়াবৰৰ নিউ ষ্টাৰ ক্লাবে হোজাইৰ টিপটপ ক্লাবক পাঁচ ৰাণত পৰাজিত কৰাৰ বিপৰীতে মৰিগাঁৱত অনুষ্ঠিত খেলত বোকাখাত টাউন ক্ৰিকেট ক্লাবে মৰিগাঁৱৰ ৰাণা ক্লাবক তিনি উইকেটত পৰাস্ত কৰে । ইয়াৰে নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত কলিয়াবৰৰ নিউ ষ্টাৰ ক্লাবে পোনতে বেট ধৰি অধিনায়ক পল্লৱ সেনৰ-৪৫, হিমাংক গুপ্তাৰ-২৯ আৰু দেবাশীষ শইকীয়াৰ-২০ ৰাণৰ উল্লেখনীয় অৱদানৰে ২৫.২অভাৰত সকলোকেইটা উইকেটৰ বিনিময়ত ১৩০ ৰাণ সংগ্ৰহ কৰে । বলিঙত টিপটপ ক্লাবৰহৈ সুনীল চৌহানে চাৰিটা, দেবাশীষ দেৱ আৰু হাচিন স্বৰাজে দুটাকৈ উইকেট পায় ।প্ৰত্যুত্তৰত টিপটপ ক্লাব দলটোৱে বেট ধৰি সহদেৱ মণ্ডলৰ অপৰাজিত-৬২, মুকেশ কুমাৰৰ-২১ আৰু পৃথীৰূপ চৌধুৰীৰ-২০ ৰাণৰ বৰঙণি স্বত্বেও ৩২.৫ অভাৰত ১২৫ ৰাণ সংগ্ৰহ কৰোতেই সকলোকেইটা উইকেটৰ পতন ঘটে । বলিঙত নিউ ষ্টাৰ ক্লাবৰহৈ দেবাশীষ শইকীয়াই চাৰিটা, পংকজ বনিক আৰু আকাশ বৰাই দুটাকৈ তথা ৰাহুল যাদৱে এটা উইকেট দখল কৰে ।ইপিনে মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ খেলখনত ৰাণা ক্লাবে পোনতে বেট ধৰি ৩৭ অভাৰত ৯ টা উইকেট হেৰুৱাই ২১৩ ৰাণ সংগ্ৰহ কৰাৰ প্ৰত্যুত্তৰত বোকাখাত টাউন ক্ৰিকেট ক্লাবে ৩৭ অভাৰত সাতটা উইকেটৰ বিনিময়ত ২১৪ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্যত উপনীত হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments