Wednesday, July 6, 2022
HomeNews১ নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ক্ৰিকেট

১ নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ক্ৰিকেট

অলিম্পিয়া প্ৰতিবেদন

মাজত এক দীৰ্ঘদিনৰ বিৰতি। ক’ভিড-১৯ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ লগতে অসমৰো খেলপথাৰসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা নাছিল বহুদিন ধৰি। এতিয়া ক্ৰমাৎ পৰিস্থিতি সলনি হ’বলৈ ধৰিছে।

সৌ সিদিনা ৰাজ্যত অনুষ্ঠিত হৈ গ’ল প্ৰাইজমানী এথলেটিকছ টুৰ্ণামেণ্ট। লকডাউনৰ পিছত সেয়াই আছিল ৰাজ্যত অনুষ্ঠিত প্ৰথমখন ক্ৰীড়া প্ৰতিযোগিতা। তাৰ পিছত ৰাজ্যত ইটোৰ পিছত সিটো খেলৰ অনুশীলন ইতিমধ্যেই আৰম্ভ হৈ গৈছে।

শেহতীয়াকৈ অসম ক্ৰিকেট সন্থাই ঘোষণা কৰিছে যে অহা ১ নৱেম্বৰৰ পৰা ৰাজ্যত ক্ৰিকেটৰ অনুশীলন আৰম্ভ হ’ব। অসম ক্ৰিকেট সন্থাই ১ নৱেম্বৰৰ পৰা ১২ দিনীয়া এটা ফিটনেছ কেম্প আয়োজন কৰাৰ কথা ঘোষণা কৰিছে।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উক্ত ফিটনেছ কেম্পত ৰাজ্যখনৰ ৫২ গৰাকীকৈ ক্ৰিকেটাৰে অংশ ল’ব। খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিব ভাস্কৰ বৰাই। ফিজিঅ’থেৰাপিষ্ট হিচাবে থাকিব কৌস্তৱ ভৰদ্বাজ। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া সুজিত কাকতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments