অলিম্পিয়া প্ৰতিবেদন
সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীৰ দ্বিতীয় লহৰ আৰম্ভ হোৱাৰ সময়তো কৰ’নাশূণ্য হৈ আছিল নিউজিলেণ্ড। বহুদিন ধৰি কৰ’নাৰ এটাও নতুন ঘটনা ধৰা পৰা নাছিল। কিন্তু সেই নিউজিলেণ্ডতে এতিয়া কৰোনাৰ ছটাকৈ নতুন ঘটনা ধৰা পৰিছে। ক্ৰিকেটে কঢ়িয়াই আনিছে এই কৰ’নাৰ বীজাণু। নিউজিলেণ্ডৰ ভ্ৰমণৰত পাকিস্তানৰ ক্ৰিকেট দলে দেশখনলৈ কঢ়িয়াই আনিলে কৰ’না।
সদ্যহতে আছুতীয়াকৈ থকা পাকিস্তান দলৰ ছয়গৰাকীকৈ খেলুৱৈৰ দেহত ধৰা পৰিছে কৰোনা মহামাৰীৰ অৱস্থিতি। উল্লেখযোগ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে ১৮ ডিচেম্বৰৰ পৰা হ’বলগীয়া তিনিখন টি টুৱেন্টি আৰু দুখন টেষ্টৰ চিৰিজৰ বাবে পাকিস্তান দলটো নিউজিলেণ্ডত আছে। ৰোগ ধৰা পৰা ছয়গৰাকী ক্ৰিকেটাৰক সম্প্ৰতি আছুতীয়া কক্ষত ৰখা হৈছে। পাকিস্তানৰ দলটোক পৰীক্ষণ নকৰালৈকে অনুশীলন কৰাতো বাধা আৰোপ কৰা হৈছে।