Monday, October 3, 2022
HomeNewsক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ...

ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ…

অলিম্পিয়াৰ প্ৰতিবেদন

ধূপধৰা ক্ৰীড়া সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা এক ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে ৷ ধূপধৰা ক্ৰীড়া সন্থাৰ সভাপতি ইনামুল আহমেদে জানিবলৈ দিয়ামতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ প্ৰশিক্ষকৰ দ্বাৰা ১৫ বছৰ উৰ্ধৰ আৰু ১৫ বছৰ অনুৰ্ধৰ ল’ৰাৰ বাবে দুটা ভাগত এই প্ৰশিক্ষণ দিয়া হ’ব ৷

ধূপধৰা ৰাজহুৱা খেলপথাৰত এই ক্ৰিকেট প্ৰশিক্ষণ শিবিৰটো শনিবাৰে আবেলি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট ক্ৰীড়া সংগঠক তথা বিকালী ক্ৰীড়া সন্থাৰ সভাপতি ড০ আব্দুল হক আহমেদে ৷ শিবিৰ মুকলি অনুষ্ঠানটোত ধূপধৰা ক্ৰীড়া সন্থাৰ উপদেষ্টা, বিশিষ্ট ক্ৰীড়া সংগঠকদ্বয় মস্তাক গনি আৰু সুকান্ত বসাক আৰু তথা সন্থাৰ কাৰ্যকৰী সদস্য হামিদুল গনি, ৰাজা হুছেইন, মনোৱাৰ হুছেইন আদি উপস্থিত থাকে ৷ প্ৰথমদিনা পঁচিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই শিবিৰত যোগদান কৰিছে যদিও নতুন প্ৰশিক্ষাৰ্থীৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে বুলি উদ্যোক্তাসকলে জনাইছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments