Sunday, October 2, 2022
HomeNewsবাৰ্চিলোনাত ক্ৰিকেট জ্বৰ!!

বাৰ্চিলোনাত ক্ৰিকেট জ্বৰ!!

অলিম্পিয়া প্রতিবেদন

বাৰ্চিলোনা বুলিলেই ফুটবল। ফুটবল বসন্তত মুখৰ বাৰ্চিলোনাৰ প্ৰতিটো দিন। বাৰ্চিলোনা বুলিলেই হয় আমাৰ মনলৈ ফুটবলৰ কথা আহে ,নহ’লে ফুটবলাৰ লিঅ’নেল মেছিৰ ছবিখন মানসপটত ভাঁহি উঠে। কিন্তু সম্প্ৰতি ফুটবলৰ পৰিৱৰ্তে ক্ৰিকেট জ্বৰতহে আক্ৰান্ত হৈছে স্পেইনৰ এইখন চহৰ। শেহতীয়াকৈ বাৰ্চিলোনা প্ৰশাসনে ৩০ মিলিয়ন ইউৰোৰ এক পুঁজি মুকলি কৰি দি নাগৰিকসকলক যিকোনো এবিধ খেলৰ উন্নয়নৰ বাবে উক্ত ধনৰাশি ব্যয় কৰাৰ সুযোগ প্ৰদান কৰিছিল। চাইকেল লেনৰ পৰা আৰম্ভ কৰি খেলপথাৰ নিৰ্মাণলৈ বিভিন্ন ক্ৰীড়াৰ উন্নয়নমূলক কামৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল উক্ত ধনৰাশি। চৰ্ত আছিল যিটো ক্ৰীড়ামূলক প্রকল্পই জনসাধাৰণৰ পৰা বেছি ভোট লাভ কৰিব, সেই ক্ৰীড়া প্ৰকল্পৰ উন্নয়নৰ বাবে উক্ত ধন ব্যয় কৰা হ’ব। ৮২২ টা এনে ক্রীড়ামূলক প্ৰকল্পৰ ভিতৰত যিটো প্ৰকল্পই সৰ্বাধিক ভোট লাভ কৰিলে, সেই কথা জানিলে আপোনাৰো চকু কপালত উঠিব। কিয়নো ফুটবলৰ দেশ বাৰ্চিলোনাৰ নাগৰিকে সৰ্বাধিক ভোট প্ৰদান কৰা ক্রীড়ামূলক প্ৰকল্পটো আছিল ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ প্ৰকল্পটো।

বাৰ্চিলোনাত এনেদৰে ক্ৰিকেটৰ খেলপথাৰ নিৰ্মাণৰ প্ৰকল্প এটা নিৰ্বাচিত হোৱাত চহৰখনত বাস কৰা ভাৰত তথা পাকিস্তানৰ নাগৰিকৰ যথেষ্ট অৰিহণা আছে। বিশেষকৈ পাকিস্তান তথা ভাৰতৰ একাংশ যুৱতীৰ প্ৰচেষ্টাতহে এই কথা সম্ভৱ হৈ উঠিল। তেওঁলোকে ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ বাবে গঢ়ি তুলিছিল ব্যাপক প্ৰচাৰ। অৱশ্যে, ভাৰত আৰু পাকিস্তানৰ এই যুৱতীসকলৰ মগজুত ক্ৰিকেটৰ পোক সুমুৱাই দিয়াত স্পেইনৰে এখন বিদ্যালয়ৰ বিশেষ ভূমিকা আছে। স্পেইনৰ সেই বিদ্যালয়ত বহু ভাৰতীয় তথা পাকিস্তানী যুৱতীয়ে অধ্যয়ন কৰিছিল। এদিন সেই বিদ্যালয়ৰে শাৰীৰিক নিৰ্দেশকগৰাকীয়ে বিদ্যালয়ত এটা ক্ৰিকেট ক্লাব খোলাৰ প্ৰস্তাৱ দিছিল। আগ্ৰহীসকলক সেই ক্ৰিকেট ক্লাবত যোগ দিয়াৰ বাবে জনোৱা আহ্বানে অপ্ৰত্যাশিত সঁহাৰি লাভ কৰিছিল। বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ যুৱতীসকল আগবাঢ়ি আহিছিল এই ক্রিকেট ক্লাবত যোগ দিবলৈ। প্ৰথম অৱস্থাত স্পেইনৰ শাৰীৰিক নিৰ্দেশকগৰাকী অথবা ভাৰত আৰু পাকিস্তানৰ যুৱতীসকল, কাৰোৰে ক্ৰিকেটৰ সম্যক ধাৰণাও নাছিল। প্ৰথমে লেটিন আমেৰিকাৰ এগৰাকী ৰাগবী খেলুৱৈয়ে প্ৰশিক্ষণ প্ৰদান কৰিছিল খেলুৱৈসকলক। আশ্চৰ্যজনকভাৱে সেই ৰাগবী খেলুৱৈগৰাকীয়ে জীৱনত কেতিয়াও ক্ৰিকেট খেলা নাছিল। ইয়াৰ পিছতেই হিফছা বাট নামৰ পাকিস্তানৰ ২০ বছৰীয়া যুৱতীগৰাকীৰ পিতৃয়ে যুৱতীসকলক ক্ৰিকেটৰ প্ৰশিক্ষণ দিবলৈ আগবাঢ়ি আহে। ইতিমধ্যে, এখন ইন্দোৰ ক্ৰিকেট লীগ আৰম্ভ হৈছিল বাৰ্চিলোনাত। কিন্তু, ১১ জনীয়া একোটা ক্ৰিকেট দল অবিহনে ক্ৰিকেটৰ মাদকতাই বা ক’ত!! সেয়ে বেচবল গ্ৰাউণ্ড ব্যৱহাৰ কৰিয়েই ছোৱালীহতে ক্ৰিকেট অব্যাহত ৰাখিছিল। কিন্তু বাৰ্চিলোনাত এতিয়া আৰম্ভ হৈ গৈছে বেচবলৰ চিজন। ফলত বেচবল গ্ৰাউণ্ডত খেলাৰো মুদা মৰিল তেওঁলোকৰ বাবে। ফলত অন্য এক বিকল্পৰ চিন্তা কৰাৰ বাদে বেলেগ উপায় নাছিল যুৱতীহতৰ সমুখত।

“আমি প্ৰকৃত ক্ৰিকেট খেলিবলৈ বিচাৰোঁ। ১১ টাকৈ সদস্যৰ একোটা দল, লেডাৰ বলৰে প্ৰকৃত ক্ৰিকেট খেলিবলৈ বিচাৰোঁ। টেনিছ বল অথবা চিন্থেটিক ইন্দোৰ গ্ৰাউণ্ড নহয়, এখন প্ৰকৃত ক্ৰিকেট পিটছ লাগে আমাক।” যুৱতী সকলৰ মাজৰ আটাইতকৈ জ্যেষ্ঠ ২০ বছৰীয়া যুৱতী হিফছা বাটৰ মত এয়া। অৱশেষত হিফছাকে ধৰি অন্যান্য যুৱতীসকলৰ এই আশা পূৰণ হোৱাৰ পথত। ইতিমধ্যে বাৰ্চিলোনা প্ৰশাসনে সেউজ সংকেত প্ৰদান কৰিছে। শীঘ্ৰেই আৰম্ভ হ’ব ক্ৰিকেটগ্ৰাউণ্ড নিৰ্মাণৰ কাম। অতি সোনকালেই ক্ৰিকেটে গঁজালি মেলিব বাৰ্চিলোনাৰ ফুটবল সাৰুৱা মাটিত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments