অলিম্পিয়া বাৰ্তা
আজি দক্ষিণ আফ্ৰিকাত নতুন ৰূপত দেখা পোৱা যাব ক্ৰিকেটক। এখন মেচ, তিনিটা দল আৰু ৩৬ টাকৈ অভাৰ। কেনেকৈ সম্ভৱ হ’ব এই নতুন বিশেষ ক্ৰিকেট। দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডে উদ্ভাৱন কৰিছে ক্ৰিকেটৰ এই নৱতম সংস্কৰণৰ।
কোভিড১৯ ৰ মাজতে বহু দেশলৈ ঘূৰি আহিছে ক্ৰিকেটীয় বাতাবৰণ। কিছু প্ৰতিবন্ধকতাৰ মাজেৰে ক্ৰিকেট অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে বহুকেইখন দেশ। ইতিমধ্যে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈ গ’ল শৃংখলাৰ প্ৰথমখন টেষ্ট। তাৰ মাজতে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট বোৰ্ডেও অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে এক বিশেষ ফৰ্মেটৰ ক্ৰিকেট। এক যুগান্তকাৰী পদক্ষেপ হিচাবে পৰিগণিত হবলৈ আগবঢ়া এই নতুন ফৰ্মেটৰ ক্ৰিকেট অনুষ্ঠিত হব তিনিটা দলৰ মাজত। প্ৰতি দলতে ৮ জনকৈ খেলুৱৈ থাকিব এই নতুন পদ্ধতিৰ ক্ৰিকেটত। খেল অনুষ্ঠিত হ’ব ৩৬ অভাৰৰ। আজি দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব এই বিশেষ ক্ৰিকেট।
দক্ষিণ আফ্ৰিকাৰ তিনিগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰৰ নামত গঠিত হৈছে এই তিনি দল। এ বি ডিভিলয়াৰ্ছৰ নামত গঠিত দলটোৰ নাম ৰখা হৈছে এ বি’ছ ঈগলছ, কুইণ্টন ডি ককৰ নামত কুইনি’ছ কাইটছ আৰু কাগিছ’ ৰাবাডাৰ দলটোৰ নাম ৰখা হৈছে কে জি’ছ কিংফিচাৰছ। ক্ৰিকেটৰ আন মেচবোৰৰ নিচিনা ন’হব এই নতুন মেচ।
উদ্ভাৱক ক্ৰিকেট দক্ষিণ আফ্ৰিকাই খেলবিধৰ নতুন নিয়ম সমূহৰ বিষয়ে উল্লেখ কৰিছে। সেই নিয়মসমূহ হ’ল-
- এখন মেচ ৩৬ অভাৰৰ হ’ব, য’ত তিনিটা দলে অংশগ্ৰহণ কৰিব। প্ৰতিটো দলত থাকিব ৮ জনকৈ খেলুৱৈ।
- প্ৰতিটো দলেই ১২ অভাৰকৈ বেটিং কৰিব। ১২ অভাৰৰ ইনিংছটো ৬ অভাৰকৈ দুটা ভাগত ভগোৱা থাকিব। দুটা ভাগত দুটা দলে বেটিং কৰিব।
- লটাৰীৰ সহায়ত দল কেইটাৰ বেটিং ক্ৰম নিৰ্ধাৰণ কৰা হব। প্ৰথম ইনিংছত সংগ্ৰহ কৰা ৰানৰ ভিত্তিত দল এটাই দ্বিতীয় ইনিংছত বেটিং কৰাৰ সুবিধা পাব।
- ৭ নং উইকেটটো পতন হোৱাৰ পিছত ৮ নং বেটছমেনজনে বেটিং কৰি থাকিব পাৰিব। কিন্তু তেওঁ যুগ্ম সংখ্যাৰ ৰানহে সংগ্ৰহ কৰিব পাৰিব।
- প্ৰতিটো দলেই তেওঁলোকৰ ১২ অভাৰৰ বাবে নতুন বল ব্যৱহাৰ কৰিব পাৰিব। এজন বলাৰে সৰ্বাধিক ৩ অভাৰকৈ বলিং কৰিব পাৰিব।
- গোটেই মেচখনত সৰ্বাধিক ৰান কৰা দলটোৱে লাভ কৰিব সোণৰ পদক। দ্বিতীয় আৰু তৃতীয় সৰ্বাধিকে লাভ কৰিব ক্ৰমে ৰূপ আৰু ব্ৰঞ্জ।
ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ মুখ্য চিকিৎসা বিষয়া ডঃ চুৱেইব মাঞ্জৰাই সদৰী কৰিছে যে কোভিড -১৯ ৰ বাবে লবলগীয়া সকলো সাৱধানতা লৈ এই মেচ অনুষ্ঠিত হ’ব। মাস্ক, চেনিটাইজেচনৰ নিয়মবোৰ কঠোৰভাৱে পালন কৰা হ’ব।
ভাৰতত ক’ত, কেতিয়া সম্প্ৰসাৰণ হ’ব এই মেচ
মেচখন ভাৰতীয় সময় অনুযায়ী দুপৰীয়া ২.৩০ বজাত অনুষ্ঠিত হ’ব। ভাৰতত এই মেচ ষ্টাৰ স্পৰ্টছে প্ৰচাৰ কৰিব।