অলিম্পিয়া প্ৰতিবেদন
ঔবাৰী ৰেইনব’ ক্লাবৰ সৌজন্যত অহা ২৯ আৰু ৩০ নৱেম্বৰত বাক্সা জিলাৰ ঔবাৰী খেলপথাৰত অনুষ্ঠিত হ’ব এক প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব স্বৰ্গীয় শিৱচৰণ বৰ্মনৰ সোঁৱৰণত।
প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১৩০০ টকা ধার্য কৰা হৈছে। বিজয়ী দলে প্ৰাইজমানী হিচাবে লাভ কৰিব ১৫,০০০ টকা আৰু ৰানাৰ্ছআপ দলটোৱে লাভ কৰিব ৮,০০০ টকা।
প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুকসকলে ৬০০৩২ ৯২৪৯৪ আৰু ৬০০১২ ৯৩৮৪১ এই দুই নম্বৰত যোগাযোগ কৰিব পাৰিব।