Wednesday, September 28, 2022
HomeNewsঅলিম্পিকত অন্তৰ্ভুক্ত হ'ব ক্ৰিকেট!!

অলিম্পিকত অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট!!

অলিম্পিয়া প্রতিবেদন

অলিম্পিকত অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট। হয় আপুনি ঠিকেই শুনিছে, সকলো ঠিকে থাকিলে অতি শীঘ্ৰেই অলিম্পিকৰ মঞ্চত দেখা পোৱা যাব পাৰে ক্ৰিকেট। এই সম্ভাৱনা ব্যক্ত কৰিছে খোদ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে। আই চি চিয়ে সামাজিক মাধ্যমৰ লগতে তেওঁলোকৰ ৱেবচাইটতো প্ৰকাশ কৰিছে যে ২০২৮ৰ লছ এঞ্জেলেছ অলিম্পিকৰ লগতে তাৰ পিছৰ অলিম্পিকসমূহত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলাব ক্ৰিকেটৰ সৰ্বোচ্চ সন্থাটোৱে। তাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি অলিম্পিকৰ আয়োজক কমিটিলৈ প্ৰেৰণ কৰিব আই চি চিয়ে। আই চি চিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই মংগলবাৰে এই কথা উল্লেখ কৰি অলিম্পিকেই হৈছে ক্ৰিকেটৰ ভৱিষ্যত বুলি উল্লেখ কৰিছে। তেওঁ লগতে কৈছে যে বিশ্বৰ ১০০ কোটিতকৈ অধিক লোকে ক্ৰিকেট উপভোগ কৰে। ইয়াৰে ৯০ শতাংশ লোকেই ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হোৱাটো বিচাৰে।

অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখি এখন ৱৰ্কিং কমিটিও গঠন কৰা হৈছে। এই ৱৰ্কিং কমিটিৰ অধ্যক্ষ হিচাবে দায়িত্ব প্ৰদান কৰা হৈছে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডৰ পৰিচালক ইয়ান ওয়াটমোৰক। লগতে এই কমিটিত ৰখা হৈছে ক্ৰমে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট প্ৰধান পৰাগ মাৰাঠেক, আই চি চিৰ স্বাধীন পৰিচালক ইন্দ্ৰা নুয়ী, জিম্বাৱ’য়ে ক্রিকেট প্রধান তাভেংওয়া মুখুলানি, আইচিচি এছ’চিয়েট সদস্যৰ পৰিচালক ও এছিয়ান ক্রিকেট কাউন্সিলৰ সহ সভাপতি মাহিন্দা ভালিপুৰাম।

উল্লেখযোগ্য যে শেষবাৰৰ বাবে ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হৈছিল ১৯০০ চনত। সেইবাৰ একমাত্ৰ মেচখন অনুষ্ঠিত হৈছিল ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments