Tuesday, October 4, 2022
HomeNewsসুদীৰ্ঘ এটা দশকৰ মূৰত নেহৰু ষ্টেডিয়ামত পুনৰ ক্ৰিকেট!

সুদীৰ্ঘ এটা দশকৰ মূৰত নেহৰু ষ্টেডিয়ামত পুনৰ ক্ৰিকেট!

অলিম্পিয়া প্ৰতিবেদন

পুনৰ ক্ৰিকেট উন্মাদনাত উদ্ভাসিত হ’ব ঐতিহ্য মণ্ডিত নেহৰু ষ্টেডিয়াম। প্ৰায় এটা দশকৰ পিছত পুনৰ ক্ৰিকেট আৰম্ভ নেহৰু ষ্টেডিয়ামত। নতুন ৰূপত আকৌ এবাৰ বহু পুৰণি স্মৃতিক সজীৱ কৰি তুলিবলৈ সাজু নেহৰু ষ্টেডিয়াম। অসম ক্ৰিকেট সন্থাৰ ঐতিহাসিক পদক্ষেপ। এসময়ত অসমৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পীঠস্থান নেহৰু ষ্টেডিয়ামত পুনৰ ক্ৰীড়ামূলক পৰিৱেশ সৃষ্টি কৰাত বিশেষ ভূমিকা লৈছে অসম ক্ৰিকেট সন্থাই। সন্থাৰ উদ্যোগতে সম্প্ৰতি সম্পূৰ্ণ হৈছে ষ্টেডিয়ামখনৰ ক্ৰীড়া আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ। লাভ কৰিছে ষ্টেডিয়ামখনে নতুন ৰূপ। উৰিষ্যাৰ ডাবাঙ্গীৰীৰ পৰা মাটি আনি নতুনকৈ আউটফিল্ড, পিটছ আদি নিৰ্মাণ কৰা হৈছে। সময়ৰ সোঁতত হেৰাই যোৱা নেহৰু ষ্টেডিয়ামৰ গৰিমা উদ্ধাৰৰ এই প্ৰচেষ্টাক এতিয়া ক্ৰীড়াপ্ৰেমী ৰাইজে
প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে, ২০১২ চনৰ পিছত পোন প্ৰথমবাৰৰ বাবে নেহৰু ষ্টেডিয়ামত আৰম্ভ হ’ল ক্ৰিকেট মেচ। এসময়ত বহুকেইখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আয়োজনৰে ভাৰতীয় ক্ৰীড়া ইতিহাসত এক পৰিচয় গঢ় লৈ উঠিছিল নেহৰু ষ্টেডিয়ামৰ। এই পৰ্যন্ত ষ্টেডিয়ামখনত ১৩ খনকৈ এদিনীয়া আন্তৰ্জাতিক অনুষ্ঠিত হৈছিল। ৱেষ্টইণ্ডিজ, নিউজিলেণ্ড, ইংলেণ্ড, জিম্বাব’ৱে, দক্ষিণ আফ্ৰিকাকে আদি কৰি বিশ্বৰ প্ৰায় সকলো আগশাৰীৰ দলেই নেহৰু ষ্টেডিয়ামত প্ৰদৰ্শন কৰিছিল নিজৰ ক্ৰীড়াশৈলী। ইয়াৰ বাহিৰেও দুলীপ ট্ৰফী, ৰঞ্জি ট্ৰফীকে আদি কৰি দেশৰ বহুকেইখন সভ্ৰান্ত ক্ৰিকেট প্ৰতিযোগিতাৰ খেল ইয়াতেই অনুষ্ঠিত হৈছিল। কেৱল ক্ৰিকেটেই নহয়, অতীজৰে পৰা ফুটবলো সমানেই চলি আহিছিল এই ষ্টেডিয়ামত। সম্প্ৰতি অসম ক্ৰিকেট সন্থাই ইয়াত ক্ৰিকেটৰ সমান্তৰালকৈ ফুটবলৰো দুখন ফিল্ড নিৰ্মাণ কৰি উলিয়াইছে।

অসম ক্ৰিকেট সন্থাই এখন সংবাদমেলৰ জৰিয়তে নেহৰু ষ্টেডিয়ামত আগন্তুক সময়ত চৈয়দ মুস্তাক আলী ট্ৰফী তথা ৰঞ্জি ট্ৰফীৰো মেচ অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰিছে। নেহৰু ষ্টেডিয়ামৰ লগতে গুৱাহাটীৰ জৰ্জ খেলপথাৰতো ক্ৰিকেটৰ ঘৰুৱা টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ কথা সদৰী কৰিছে অসম ক্ৰিকেটৰ সৰ্বোচ্চ সন্থাটোৱে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments