অলিম্পিয়া প্ৰতিবেদন
পুনৰ বেট-বলৰ শ্বাসৰুদ্ধকাৰী যুঁজৰ সাক্ষী হ’ব ঐতিহাসিক নেহৰু ষ্টেডিয়াম। এসময়ত ১১ খনকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত হোৱা ষ্টেডিয়ামখনে পুনৰ ঘূৰাই পাব ক্ৰিকেট অনুকূল পৰিৱেশ।
বুধবাৰে এই সম্পৰ্কে অসম ক্ৰিকট সন্থা, অসম ক্ৰিকেট সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা আৰু অসম ফুটবল সন্থাৰ প্ৰতিনিধিবৰ্গৰে এক আলোচনাত মিলিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ আয়ুক্ত মলয় বৰা আৰু সঞ্চালক ধৰ্মকান্ত মিলি।

উক্ত আলোচনাত নেহৰু ষ্টেডিয়ামত আগন্তুক সময়ত এখন ক্ৰিকেটৰ উইকেট আৰু দুখনকৈ ফুটবল টাৰ্ফ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। খেলপথাৰখনৰ আন্তঃগাঁথনিৰ পুনৰনির্মাণৰ বাবে যাৱতীয় সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে অসম ক্ৰিকেট সন্থাই।
উল্লেখযোগ্য যে, ২০১৪ ৰ আগলৈকে নেহৰু ষ্টেডিয়ামত সক্ৰিয় ক্ৰিকেট অনুষ্ঠিত হৈ আছিল যদিও চাউথ এছিয়ান গেমছৰ সময়ত ক্ৰিকেট উইকেট আঁতৰাই দুখনকৈ ফুটবল গ্ৰাউণ্ড তৈয়াৰ কৰা হয়। তেতিয়াৰ পৰাই নেহৰু ষ্টেডিয়ামত কোনোধৰণৰ ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই। পুনৰ নেহৰু ষ্টেডিয়ামত ক্ৰিকেটৰ পৰিৱেশ ঘূৰি আহিলে ই অসম ক্ৰিকেটৰ বাবেই হ’ব আশাৰ কথা।
অসম ক্রিকেট সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সক্ৰিয় সহযোগিতাত ষ্টেডিয়ামখনত পুনৰ ক্ৰিকেট অনুকূল পৰিৱেশ ঘূৰাই অনাৰ বাবে কাৰ্যপন্থা হাতত লৈছে। অসম ক্ৰিকেট সন্থাই নেহৰু ষ্টেডিয়ামৰ স্ব মহিমা উদ্ধাৰৰ এই বাটত ষ্টেডিয়াম কৰ্তৃপক্ষক সকলোধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।