Tuesday, October 4, 2022
HomeNewsওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মানস প্ৰতীম ক্ৰিকেটৰ ফাইনেলত নলবাৰী

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মানস প্ৰতীম ক্ৰিকেটৰ ফাইনেলত নলবাৰী

✍️ওদালগুৰিৰ পৰা গৌতম জ্যোতি তালুকদাৰৰ প্ৰতিবেদন

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা চতুৰ্থ মানস প্ৰতীম দাস সোৱৰণী ক্ৰিকেটৰ শুকুৰবাৰে প্ৰথমখন ছেমিফাইনেল খেলত বিকে চেলেঞ্জাৰ নলবাৰীয়ে অ’এমচিচি ওদালগুৰিক ৯৮ ৰাণত পৰাস্ত কৰে । টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় অ’এমচিচিয়ে । ফলত নলবাৰীয়ে নিৰ্দ্ধাৰিত ৩০ অভাৰত নটাকৈ উইকেট হেৰুৱাই ২৬৩ ৰাণ সংগ্ৰহ কৰে । নলবাৰীৰ নিবিৰ ডেকাই ৯৯ ৰাণ কৰাৰ বিপৰীতে ওদালগুৰিৰ শ্বাহানুৰ ইছলাম আৰু চনু বাছফৰে তিনিটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত বেট ধৰি ওদালগুৰিয়ে ২৬.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৬৫ ৰাণতে ইনিংছ সামৰে । ওদালগুৰিৰ সন্দীপ পালে ৫০ ৰাণ কৰাৰ বিপৰীতে নলবাৰীৰ নিহাৰ ডেকাই চাৰিটা উইকেট দখল কৰে । খেলখনত জয়ী হোৱাৰ লগে লগে নলবাৰীয়ে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে । শনিবাৰে দ্বিতীয়খন ছেমিফাইনেলত হাৰিকেন তেজপুৰ বনাম টংলা ক্ৰিকেট ক্লাবৰ
ৰ মাজত অনুষ্ঠিত হব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments