Monday, October 3, 2022
HomeNewsক'ভিড ১৯: পুঁজি সংগ্ৰহত নামিছে ভাৰতীয় মহিলা হকী দল

ক’ভিড ১৯: পুঁজি সংগ্ৰহত নামিছে ভাৰতীয় মহিলা হকী দল

olympiasports.in

লকডাউনৰ বাবে সমগ্র দেশৰ পৰিস্থিতি এতিয়া জটিল হৈ পৰিছে। দৰিদ্ৰ জনসাধাৰণে এসাজ খাদ্যৰ বাবে হাঁহাকাৰ কৰিবলগীয়া হৈছে। উপাৰ্জনৰ সকলো পথ বন্ধ হৈ যোৱাৰ বাবেই বহু লোকে অনাহাৰে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে। অৱশ্যে এই অসহায় লোকসকলক চৰকাৰে কিছু সহায় কৰাৰ লগতে এই সকলক দৰিদ্ৰ জনসাধাৰণক কিছু সকাহ দিবলৈ দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি আৰু সংস্থাই পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছে। এইবাৰ দেশৰ দৰিদ্ৰ জনতাক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় মহিলা হকী দলটো।

ভাৰতীয় মহিলা হকী দলটোৱে দৰিদ্ৰ আৰু প্ৰবাসী পৰিয়ালক সহায় কৰাৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিছে। পৰিকল্পনা অনুসৰি ভাৰতীয় মহিলা হকী দলটোৱে ১৮ দিনৰ বাবে এটা ফান ফিটনেচ চেলেঞ্জ অভিযান মুকলি কৰিব। ‘ক্ৰাউডফাণ্ডিঙ’ৰ লগতে লকডাউনৰ সময়চোৱাত জীৱনশৈলী সক্ৰিয় কৰি ৰাখিবৰ বাবে বিভিন্ন জনক উৎসাহিত কৰিব ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈসকলে।

মহিলা হকী দলটোৱে অনলাইন ফিটনেচ চেলেঞ্জৰ যোগেদি মহিলা হকী দলৰ সদস্যসকলে ফিটনেচৰ বিভিন্ন ধৰণৰ কৌশল শিকাব। প্ৰত্যকদিনা এগৰাকী খেলুৱৈয়ে এটা নতুন চেলেঞ্জ দিব আৰু এই চেলেঞ্জ ল’বলৈ আৰু ১০০ টকাকৈ আগবঢ়াবলৈ ১০ জন লোকক চচিয়েল মিডিয়াত টেগ কৰিব।

ভাৰতীয় দলটোৰ অধিনায়ক ৰাণী

‘কভিড-১৯ সৃষ্টি কৰা এই সংকটৰ সময়ত বহু লোকক এমুঠি খাদ্যৰ বাবে সংগ্ৰাম কৰাৰ কথা চ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিবলৈ পাৰিছোঁ। এই লোকসকলক দলগতভাৱে সহায়ৰ বাবে আমি কিবা এটা কৰিব বিচাৰোঁ। লকডাউনৰ সময়ত জনসাধাৰণক সক্ৰিয় কৰি ৰাখিবৰ বাবে অনলাইন ফিটনেচ চেলেঞ্জ এক শ্ৰেষ্ঠ উপায় হ’ব বুলি আমি বিবেচনা কৰিলোঁ। এই পদক্ষেপৰ জৰিয়তে কমেও ১০০০ পৰিয়ালক খোৱাৰ বাবে আমি পুঁজি সংগ্ৰহৰ লক্ষ্য লৈছোঁ।’ ভাৰতীয় মহিলা হকীদলটোৰ অধিনায়ক ৰাণীয়ে এইদৰে কয়।

আনহাতে ভাৰতীয় মহিলা হকী দলটোৰ সহ অধিনায়ক সবিতাই কয় যে তেওঁলোক প্ৰত্যেকেই দুখীয়া পৰিয়ালৰ পৰা আহি আনক সহায় কৰিব পৰা অৱস্থাত উপনীত হৈছে। দৰিদ্ৰলোক সকললৈ তেওঁলোকে আহাৰ আৰু ছেনিটাৰী কীট আগবঢ়াব। লগতে তেওঁ কয় ‘কেইদিনমানৰ আগতে মোৰ পিতৃয়ে মোক কৈছিল ত‌ই যদি হকী নেখেলিলি হয় আৰু আমাক দৰিদ্ৰ অৱস্থাৰ পৰা উদ্ধাৰ নকৰিলিহয় আমাৰো অৱস্থা আজি আন দৰিদ্ৰ লোকসকলৰ দৰেই হ’লহেতেন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments