Wednesday, October 5, 2022
HomeNewsচেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব নোৱাৰিব নেকি দিপক চাহাৰে!

চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব নোৱাৰিব নেকি দিপক চাহাৰে!

অলিম্পিয়া প্ৰতিবেদন

আই পি এলৰ আগমুহুৰ্তত চিন্তাত পৰিছে মহেন্দ্ৰ সিং ধোনী । চিন্তাৰ কাৰণ এগৰাকী সতীৰ্থ ক্ৰিকেটাৰ । ১৪ কোটি টকা ব্যয়ৰে ক্ৰয় কৰিও চেন্নাই ছুপাৰ কিংছে দলত নাপাব পাৰে এগৰাকী দুৰ্দান্ত বলাৰক ।

জনপ্ৰিয় ক্ৰিকেটাৰ ধোনীৰ নেতৃত্বতে আই পি এলত ৪ বাৰকৈ চেন্নাই ছুপাৰ কিংছে আজুৰি আনিছে চেম্পিয়নৰ খিতাপ । এইবাৰৰ লক্ষ্যও আছিল পুনৰ ট্ৰফী জয় । তাৰবাবে আই পি এলৰ নিলাম প্ৰক্ৰিয়াত দীপক চাহাৰৰ দৰে বেগী বলাৰক দলত অন্তৰ্ভূক্ত কৰিবলৈ দলে ব্যয় কৰিছিল ১৪ কোটি পৰ্যন্ত টকা । দীপক চাহাৰৰ প্ৰতিভা বিশ্ববাসীৰ জ্ঞাত ।সেয়ে হয়তো দিল্লী কেপিটেলছ , ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰাজস্থান ৰয়েলছৰ দৰে দলসমূহেও দলত তেওঁক বিচাৰিছিল । কিন্তু দীপক চাহাৰক দলত পোৱাৰ স্বাৰ্থত অৱশেষত ক্ৰয় কৰিছিল ছুপাৰ কিংছে । পিছে দলত অন্তৰ্ভূক্ত হলেও আই পি এলত খেলিব নোৱাৰিব পাৰে দীপক চাহাৰে । কাৰণ, ভৰিত আঘাত পাইছে দীপক চাহাৰে । জানিব পৰা মতে, এই আঘাত কিছু গুৰুতৰ । সেয়েহে হয়তো টি টুৱেন্টি লীগৰ বেছিভাগ মেচতে খেলিব নোৱাৰিব চেন্নাই ছুপাৰ কিংছৰ দীপক চাহাৰে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা ক্ৰিকেট শৃংখলাত আঘাতপ্ৰাপ্ত দীপক চাহাৰে আই পি এলৰ পূৰ্বে খেলপথাৰলৈ উভতি অহাটো সম্ভৱ নহ’বও পাৰে । চাহাৰ সম্পূৰ্ণৰূপে আৰোগ্য হ’বলৈ প্ৰয়োজন হ’ব কেইবা সপ্তাহৰ ।একপ্ৰকাৰ বেগী বলাৰজনৰ অবৰ্তমানত দলটোৰ বাবে এয়া মোক্ষম আঘাত।

তথাপি আশা এৰি দিয়া নাই চেন্নাই ছুপাৰ কিংছে । দলটোৰ অনুৰাগীসকলেও আশা কৰিছে সোনকালে সুস্থ হওক দীপক চাহাৰ । আইপিএলৰ মৈদানত দীপক চাহাৰে নমাওক বলিঙৰ চুনামি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments