Wednesday, October 5, 2022
HomeNewsআই পি এলত ধোনীবাহিনীক বয়কটৰ দাবী কাৰ !!

আই পি এলত ধোনীবাহিনীক বয়কটৰ দাবী কাৰ !!

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত ধোনীৰ দলক বয়কট কৰাৰ দাবী তামিলৰ । ছচিয়েল মিডিয়াত ” বয়কট চেন্নাই ছুপাৰ কিংছ ” ট্ৰেণ্ড আৰম্ভ । এই ক্ষোভৰ কাৰণ এগৰাকী সিংহলী মূলৰ শ্ৰীলংকাৰ খেলুৱৈ ।

সদ্য সমাপ্ত আই পি এল নিলামৰ পাছৰে পৰাই বিতৰ্কৰ আন এটা নাম যেন হৈ পৰিছে চেন্নাই ছুপাৰ কিংছ । একাংশ তামিল সমৰ্থকে সামাজিক মাধ্যমৰ জড়িয়তে চেন্নাই ছুপাৰ কিংছক বয়কট কৰাৰ দাবী তুলিছে । লগতে শ্ৰীলংকান খেলুৱৈক দলত নল’বলৈও আহ্বান জনাইছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ।
লক্ষ্যণীয়ভাৱে, শ্ৰীলংকান স্পীনাৰ মাহিশ থিকচানাক ৭০ লাখ টকাৰে নিলামত ক্ৰয় কৰিছে চেন্নাই দলে, যাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিবাদৰ মুখামুখি হৈছে ধোনীৰ দল । শ্ৰীলংকাৰ উক্ত খেলুৱৈগৰাকীৰ সন্ধৰ্ভত প্ৰতিবাদীসকলে আনিছে বিভিন্ন অভিযোগ । এজনে সামাজিক মাধ্যমত এইদৰে উল্লেখ কৰিছে যে শ্ৰীলংকাই এটা সময়ত তামিলসকলক গণহত্যা কৰিছিল । নাৰীৰ লগতে শিশু সকলকো হত্যা কৰিছে তেওঁলোকে । শ্ৰীলংকান নৌসেনাই প্ৰতিদিনে হত্যা কৰিছে মাছমৰীয়া তামিলসকলক । তেনেস্থলত চেন্নাইৰ দলে শ্ৰীলংকান খেলুৱৈক দলত ল’বলৈ লাজ লাগিব লাগিছিল ।
আন কোনোৱে আকৌ লিখিছে এইদৰে – “একমাত্ৰ শ্ৰীলংকান সৈনিকৰ অত্যাচাৰৰ বাবেই প্ৰায় ২০ লাখ তামিল শৰণাৰ্থী হ’ব লগা হৈছে আৰু সেইসকলে এতিয়াও ন্যায় পোৱা নাই । গতিকে তামিল গণহত্যাক সাধাৰণভাৱে লৈ চেন্নাই দলে শ্ৰীলংকান খেলুৱৈক দলত চামিল কৰোৱাটো গ্ৰহণযোগ্য নহয় । শ্ৰীলংকান খেলুৱৈক কেতিয়াও খেলিব দিয়া নহ’ব ।”
এই ক্ষোভৰ উদ্দীৰণৰ কাৰণ কি? ইয়াৰো আছে এক কাহিনী। চেন্নাই ছুপাৰ কিংছৰ মহেশ থিকচানা হল সিংহলী মূলৰ শ্ৰীলংকাৰ নবাগত স্পীনাৰ । দ্বীপৰাষ্ট্ৰখনত সিংহলী আৰু তামিল সকলৰ মাজত সংঘাতৰ ইতিহাস বহু পুৰণি । ২০০৯ বৰ্ষত এল টি টি ইৰ বিৰুদ্ধে শ্ৰীলংকাই চলোৱা সামৰিক অভিযান কালত সিংহলীমূলৰ সেনাই পাশৱিক অত্যাচাৰ চলোৱাৰ অভিযোগ আছে । ইয়াৰ বাবে তামিলনাডুত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলিছিল । সেই সিংহলীমূলৰ লোকৰ বিৰুদ্ধে প্ৰতিবাদৰ উত্তাপ আজিও অব্যাহত আছে ।তাৰেই এই ক্ষোভৰ বহি:প্ৰকাশ ।

ক্ৰীড়াক সমন্বয়স্থলী বা শান্তিৰ প্ৰাঙ্গণ বুলি কোৱা হয় । কিন্তু শেহতীয়াকৈ ইয়াৰ এক বিপৰীত ছবি দেখা পোৱা গৈছে ।সকলো প্ৰত্যাহ্বান নেওচি মহিশ থিকচানে চেন্নাই ছুপাৰ কিংছত কিদৰে খেলিব, তাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ । এতিয়া তামিলসকলৰ প্ৰতিবাদৰ পৰা ধোনী বাহিনী কিদৰে হাত সাৰে সেয়া হ’ব লক্ষণীয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments