Monday, October 3, 2022
HomeNewsকৰ'না মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অসম চৰকাৰলৈ চাইক্লিং সংস্থাৰ সাহাৰ্য

কৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অসম চৰকাৰলৈ চাইক্লিং সংস্থাৰ সাহাৰ্য

olympiasports.in

কৰ’না মহামাৰীৰ বিৰুদ্ধে যুজঁ দিবলৈ ৰাজ্য চৰকাৰলৈ ৰাজ্যৰ ক্ৰীড়া সংস্থা সমূহৰ অন্যতম চাইক্লিং এছ’চিয়েশ্বন অৱ আসামে সহায়ৰ হাত আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু স্বাস্থ্য বিভাগৰ অসম আৰোগ্য নিধিলৈ সংস্থাটোৱে পৃথকে পৃথকে ২৫,০০০ কৈ মুঠ ৫০,০০০ টকাৰ বৰঙণি আগবঢ়াইছে।

আজি সংস্থাটোৰ সাধাৰণ সম্পাদক ড৹ তপন দাস আৰু যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিত ২৫০০০টকা চেক যোগে অৰ্পন কৰে।

ইয়াৰ পিছতেই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আৰোগ্য নিধিলৈও সংস্থাটোৱে ২৫,০০০ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছে। অসমৰ স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰি সংস্থাটোৰ সম্পাদক তপন দাস আৰু যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱাই অসম আৰোগ্য নিধিলৈ ২৫০০০হাজাৰ টকাৰ চেক প্ৰদান কৰে।

এই জটিল সময়ছোৱাত মনোবল অটুট ৰাখি সকলো নাগৰিককে চৰকাৰৰ স্বাস্থ্য সম্পৰ্কীয় নীতি-নিদৰ্শ মানি চলিবলৈ সাধাৰণ সম্পাদক ড৹ দাসে আহ্বান জনাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments