নাম জ্যোতি কুমাৰী ,মানসিক শক্তিৰ এক নতুন নাম । লকডাউনে জন-জীৱন বিধ্বস্ত কৰাৰ সময়তে, এক ইতিবাচক খবৰ হৈ পৰিছে জ্যোতি কুমাৰী। অসুস্থ পিতৃক ১২০০ কিলোমিটাৰ চাইকেলত উঠাই স্ব-গৃহত উপস্থিত হোৱা জ্যোতি কুমাৰী এতিয়া চচিয়েল মিডিয়াৰ অন্যতম চাঞ্চ্যল । গুৰুগ্ৰামৰ পৰা বিহাৰ লৈ ১২০০ কিলোমিটাৰ চাইকেলেৰে পিতৃক লৈ আনি সাত দিনৰ অন্তত ঘৰত সু-শৰীৰে উপস্থিত কৰোৱাৰ বাবে জ্যোতি এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ। জ্যোতিৰ এই ধৈৰ্য্য, সহ্য আৰু পিতৃ স্নেহক প্ৰশংসা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ জীয়ৰী ইভাংকা ট্ৰাম্পেও। এই খবৰ সৰ্বত্ৰে চৰ্চা হৈ থকাৰ সময়তে জ্যোতি কুমাৰীক চাইকেল অনুশীলনৰ বাবে আমন্ত্ৰণ জনাইছে ভাৰতীয় চাইক্লেং ফেডাৰেশ্যনে। চাইক্লিং এছ’চিয়েশ্বন অৱ অসমৰ সম্পাদক ড৹ তপন দাসে ফেডাৰেশ্যনৰ এই তৎপৰতাক আদৰণী জনোৱাৰ লগতে জ্যোতি কুমাৰীৰ পিতৃ স্নেহক প্ৰশংসা কৰে। ইফালে জ্যোতি কুমাৰীক সকলো ধৰনৰ সহায় সহযোগিতাৰ বাবে ব্যবস্থা অব্যাহত ৰাখিছে ড৹ তপন দাসে।
চাইক্লিং ফেডাৰেচনে অনুশীলনৰ বাবে আমন্ত্ৰণ জনাইছে জ্যোতি কুমাৰীক
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...