Friday, September 30, 2022
HomeNewsদুটামান নৃত্যৰ বাহিৰে দললৈ ৰিয়ানৰ একো বৰঙণি নাই; ৰিয়ান পৰাগ সম্পৰ্কত ডেল...

দুটামান নৃত্যৰ বাহিৰে দললৈ ৰিয়ানৰ একো বৰঙণি নাই; ৰিয়ান পৰাগ সম্পৰ্কত ডেল ষ্টেইনৰ মন্তব্য

অলিম্পিয়া প্রতিবেদন

আই পি এলত অব্যাহত আছে অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ দুৰ্বল ফৰ্ম। বিশেষকৈ ২০২১ বৰ্ষৰ আই পি এল ভালে যোৱা নাই তাৰকা ক্ৰিকেটাৰগৰাকীৰ। ৮ খন মেচত ৰিয়ানে সংগ্ৰহ কৰিছে কেৱল ৮৪ ৰান। বলিঙতো ৰিয়ানৰ প্ৰদৰ্শন নিৰাশজনক। এই পৰ্যন্ত তেওঁৰ নামত আছে কেৱল ১ টা উইকেট। ৰাজস্থান ৰয়েলছৰ খেলুৱৈগৰাকীৰ এনে ধাৰাবাহিক ব্যৰ্থতাৰ পিছত এতিয়া দলটোৰ মেনেজমেণ্টলৈ প্ৰশ্ন উত্থাপন কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেল ষ্টেইনে।

তেওঁ ৰিয়ান সম্পৰ্কত কৈছে যে এই পৰ্যন্ত ক্ৰিকেটাৰগৰাকীয়ে কোনো উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াব পৰা নাই। দুটামান নৃত্যৰ বাদে খেলুৱৈগৰাকীয়ে দলটোৰ হৈ একো কৰা নাই। অৱশ্যে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক কুমাৰ ছাংগাকাৰে নিশ্চয় ক্ৰিকেটাৰগৰাকীৰ মাজত বিশেষ গুণ দেখা পাইছে যাৰ বাবে তেওঁ ৰিয়ানক এই পৰ্যন্ত সুযোগ দি আহিছে। ষ্টেইনে ৰিয়ানৰ ঠাইত দলটোত শিৱম ডুবেক সুযোগ দিয়াৰ পোষকতা কৰে।

ডেল ষ্টেইনৰ সমান্তৰালকৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা জনপ্ৰিয় ধাৰাভাষ্যকৰ আকাশ চোপ্ৰায়ো ৰাজস্থান ৰয়েলছত ৰিয়ানৰ অন্তৰ্ভুক্তিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। ডেল ষ্টেইনৰ সুৰতে সুৰ মিলাই আকাশ চোপ্ৰায়ো ৰিয়ানৰ ৰাজস্থান ৰয়েলছলৈ কোনো উল্লেখযোগ্য বৰঙণি নাই বুলি উল্লেখ কৰি দলটোৰ পৰা শিৱম ডুবেক আঁতৰাই ৰখাক লৈও প্ৰশ্ন তোলে। ইয়াৰ লগতে তেওঁ ৰিয়ানৰ অদ্ভুত বলিং শৈলীৰো সমালোচনা কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments