
হৃদৰোগত আক্ৰান্ত হোৱাতকৈ বেচি দুঃসংবাদ এজন ফুটবলাৰ বাবে আৰু কি হ’ব পাৰে৷ কিন্তু অত্যন্ত মানসিক দৃঢ়তাৰ পৰিচয় দি তেওঁ সেইদৰেই খেলি গৈছে৷ বুকুত তেওঁৰ পেচমেকাৰ৷ যি অস্বাভাৱিক হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে৷ ইউৰো কাপত সেইদিনা ফিনলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ডেনমাৰ্কৰ ক্ৰিষ্টিয়ানো এৰিকছন খেলি থকা অৱস্থাতে সংজ্ঞাহীন হৈ বাগৰি পৰা দৃশ্যটোৱে শংকিত কৰি তোলে তেওঁক৷ কাৰণ প্ৰায় একে অৱস্থা তেওঁৰো হৈছিল৷ নেদাৰলেণ্ডৰ ডেলেই ব্লিন্ডৰ কথা ক’বলৈ লৈছো ইয়াত৷ বহু ফুটবল প্ৰেমীয়ে হয়তো নেজানে৷ বিন্ডৰ এই হৃদৰোগৰ কথা পোহৰলৈ আহে ২০১৯ বৰ্ষত৷ সেইবাৰ চেম্পিয়মছ লীগত তেওঁ আয়াক্সৰ হৈ ভেলেন্সিয়াৰ বিৰুদ্ধে খেলি থকা অৱস্থাত কেইবাবাৰো মূৰ ঘুৰাই পৰি যোৱাৰ উপক্ৰম হৈছিল৷ খেলপথাৰৰ মাজত আন বিশেষ একো অসুবিধা ন’হলেও পৰবতীৰ্ সময়ত তেওঁ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে৷ চিকিৎসকে বহু পৰীক্ষা-নীৰিক্ষাৰ অন্তত তেওঁ হৃদযন্ত্ৰৰ পেশীত ফুটা থকাতো নিশ্চিত কৰে৷ যোৱা আগষ্ঠত এখন প্ৰীতি খেলত খেলপথাৰতে পৰি গৈছিল তেওঁ৷ অৱশ্যে বিশেষ একো অসুবিধা নহল৷ কিন্তু সেইদিনা এৰিকছন খেলপথাৰতে পৰি য়োৱা দেখা পাই শংকিত হৈ পৰে ডেলেই৷ জীৱন আৰু মৃত্যুৰ মাজত কেইটামান ছেকেণ্ডৰ ব্যৱধান৷ টেলিভিছনৰ পৰ্দাত ভাহি উঠিছিল এৰিকছনৰ ঘটনা৷ এৰিকছন খুৱেই ভাল বন্ধু ডেলেইৰ৷ এই ঘটনাটি টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰি নিজকে এৰিকছনৰ স্থানত কল্পনা কৰিছিল তেওঁ৷ ডেলেই ইমানেই আতংকিত হৈ পৰিছিল যে ইউক্ৰেইনৰ বিৰুদ্ধে খেলপথাৰত নামাৰ পূৰ্বে বহুবাৰ চিন্তা কৰিব লগা হৈছিল৷ খেলৰ আগদিনা ৰাতি শুৱ পৰা নাছিল ডেলেই৷ ‘‘এৰিকছনৰ ঘটনাই মোক তীব্ৰ মানসিক চাপৰ মাজলৈ ঠেলি দিছিল৷ খেলৰ আগদিনা ৰাতি শুৱ পৰা নাছিলো৷ বাবে বাৰে এৰিকছনৰ ছবিখন মনত ভাহি আহিছিল৷ খেলপথাৰ নানামিলেও সেয়া এক বেলেগ চাপৰ সৃষ্টি হ’ব মনৰ মাজত৷ সেয়ে খেলাৰ কথাই চিন্তা কৰিছিলো৷’’ এৰিকছনৰ ঘটনাই তেওঁৰ মনত সৃষ্টি কৰা চাপৰ কথা এইদৰে সংবাদ মাধ্যমত ব্যক্ত কৰিছিল ডেলেই৷ হাস্পতালৰ বিচনাৰ পৰাই এৰিকছনে সতীৰ্থ খেলুৱৈক খেলপথাৰত নমাৰ বাবে জনোৱা আবেদেন উৎসাহিত কৰিছিল ডেলেইক৷