Tuesday, October 4, 2022
HomeNews'ডঙ্গল গাৰ্ল', কমনৱেলথৰ স্বৰ্ণজয়ী এতিয়া ব্যস্ত ধৰ্মীয় বিষবাষ্প বিয়পোৱাত

‘ডঙ্গল গাৰ্ল’, কমনৱেলথৰ স্বৰ্ণজয়ী এতিয়া ব্যস্ত ধৰ্মীয় বিষবাষ্প বিয়পোৱাত

olympiasports.in

আমিৰ খান অভিনীত ডঙ্গল কথাছবিৰ ফ’গট ভগ্নীৰ অন্যতম ববিতা ফ’গট এতিয়া ব্যস্ত ৰাজনীতিৰ পথাৰত। যি সময়ত বহুসংখ্যক ক্ৰীড়াবিদ কৰ’নাৰ বিৰুদ্ধে চৰকাৰৰ যুঁজত সহায় কৰিবলৈ আগবাঢ়ি আহিছে সেই সময়ত ধৰ্মীয় বিশ্ববাষ্প বিয়পাই নিজৰ ৰাজনৈতিক আদর্শৰে ৰাজনৈতিক মুনাফা আদায়ৰ কামত ব্যস্ত হৈ পৰিছে দেশৰ আগশাৰীৰ মল্লযুঁজাৰুগৰাকী।

যোৱা বৰ্ষত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰা এই গৰাকী মল্লযুঁজাৰুয়ে। তেতিয়াৰ পৰাই এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে বিভিন্ন সময়ত মন্তব্য কৰি বিতৰ্কৰ সূচনা কৰি আহিছে ববিতাই।

শেহতীয়াকৈ পুনৰ ববিতাই সংবাদ শিৰোনামা দখল কৰিছে টুইটাৰৰ যোগেদি ঘৃণা বিয়পোৱাৰ বাবে। দেশে কৰ’নাৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত কৰ’নাৰ বাবে নিজামুদ্দিন মাৰ্কাজকে জগৰীয়া কৰি মহামাৰীবিধক সাম্প্ৰদায়িক ৰূপ দিয়াৰ কথাক বহুতে মানি ল’ব পৰা নাই। বুধবাৰে মল্লযুঁজাৰুগৰাকীয়ে কয় যে ভাৰতৰ বাবে কৰ’নাতকৈ ডাঙৰ সমস্যা জামাতীসকলহে।

ববিতাৰ টুইটটো

উল্লেখযোগ্য যে বুধবাৰেই কংগনা ৰানাৱটৰ মেনেজাৰ ৰংগ’লী চণ্ডলেও একেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছিল। ৰংগোলীয়ে উক্ত টুইটাৰ পোষ্টটোত উল্লেখ কৰিছিল যে , ” এজন জামাতীৰ কৰ’নাৰ ফলত মৃত্যু হয়। যেতিয়া পুলিচে পৰিয়ালটোৰ খবৰ ল’বলৈ আহে তেতিয়া পুলিচক আক্ৰমণ কৰা হয়, চেক্যুলাৰ মিডিয়া”তেওঁ লগতে উল্লেখ কৰিছিল যে, এই মোল্লা, চেক্যুলাৰ মিডিয়াৰ লোকসকলক এটা শাৰীত ঠিয় কৰাই গুলীয়াই হত্যা কৰিব লাগে। ইতিহাসক গুলী মাৰা, তেওঁলোকে হয়তো আমাক ক’ব নাজি(Nazis) বুলি, কোনে গুৰুত্ব দিয়ে তেনে কথাত।” চণ্ডলৰ এই টুইটটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। পিছত টুইটাৰ কৰ্তৃপক্ষই চণ্ডলৰ টুইটাৰ একাউণ্টটো বাতিল কৰে।

ফ’গাটৰ টুইটটোৰ পিছতো একেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। টুইটাৰত SuspendBabitaPhogat ৰ ট্রেণ্ডৰ সৃষ্টি হয়। উল্লেখযোগ্য যে ইয়াৰ আগতেও ববিতাই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments